মুখ্যমন্ত্ৰীৰ আহ্বান; PSO এৰিলে জিলা বিজেপিৰ সভাপতিয়ে

কৰিমগঞ্জ জিলা বিজেপিৰ সভাপতি সুব্ৰত ভট্টাচাৰ্যই প্ৰত্যাহাৰ কৰিলে নিজৰ ব্যক্তিগত দেহৰক্ষী। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম জয়ন্তী উপলক্ষে ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি কৰ্মী সকলে দেহৰক্ষী প্ৰত্যাহাৰ কৰিব লাগে বুলি মন্তব্য প্ৰকাশ কৰিছিল। আৰু মুখ্যমন্ত্ৰীৰ দেহৰক্ষী প্ৰত্যাহাৰৰ কথাৰ প্ৰতি সঁহাৰি জনাই কৰিমগঞ্জ বিজেপিৰ সভাপতি সুব্ৰত ভট্টাচাৰ্যই প্ৰত্যাহাৰ কৰিলে নিজৰ ব্যক্তিগত দেহৰক্ষী। সেই মৰ্মে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাক পত্ৰযোগে দেহৰক্ষী প্ৰত্যাহাৰৰ কথা জনাই জিলা বিজেপিৰ কাৰ্যালয়ত নিজৰ দেহৰক্ষী জনক গামোচা পিন্ধাই সন্মান প্ৰদৰ্শন কৰি বিদায় জনালে কৰিমগঞ্জ জিলা বিজেপিৰ সভাপতি সুব্ৰত ভট্টাচাৰ্যই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...