মুখ্যমন্ত্ৰীৰ আহ্বান; PSO এৰিলে জিলা বিজেপিৰ সভাপতিয়ে

কৰিমগঞ্জ জিলা বিজেপিৰ সভাপতি সুব্ৰত ভট্টাচাৰ্যই প্ৰত্যাহাৰ কৰিলে নিজৰ ব্যক্তিগত দেহৰক্ষী। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম জয়ন্তী উপলক্ষে ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি কৰ্মী সকলে দেহৰক্ষী প্ৰত্যাহাৰ কৰিব লাগে বুলি মন্তব্য প্ৰকাশ কৰিছিল। আৰু মুখ্যমন্ত্ৰীৰ দেহৰক্ষী প্ৰত্যাহাৰৰ কথাৰ প্ৰতি সঁহাৰি জনাই কৰিমগঞ্জ বিজেপিৰ সভাপতি সুব্ৰত ভট্টাচাৰ্যই প্ৰত্যাহাৰ কৰিলে নিজৰ ব্যক্তিগত দেহৰক্ষী। সেই মৰ্মে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাক পত্ৰযোগে দেহৰক্ষী প্ৰত্যাহাৰৰ কথা জনাই জিলা বিজেপিৰ কাৰ্যালয়ত নিজৰ দেহৰক্ষী জনক গামোচা পিন্ধাই সন্মান প্ৰদৰ্শন কৰি বিদায় জনালে কৰিমগঞ্জ জিলা বিজেপিৰ সভাপতি সুব্ৰত ভট্টাচাৰ্যই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...