ম্যানমাৰত জ্বলাই দিয়া হ’ল ৩০জনকৈ লোকক

ম্যানমাৰৰ সংঘৰ্ষ জৰ্জৰিত কায়া প্ৰদেশত শুকুৰবাৰে ৩০ জন লোকক হত্যা কৰি জ্বলাই দিয়া হয়। কাৰেন্নি মানৱাধিকাৰ গোটে প্ৰকাশ কৰা মতে কায়া প্ৰদেশৰ মোচো গাঁৱত ৩০টাকৈ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ কৰা হয়। ইয়াৰ ভিতৰত শিশু আৰু মহিলাৰো কেইবাটাও মৃতদেহ পোৱা গৈছে। এই ঘটনাক গৰিহণা দি মানৱাধিকাৰ গোটটোৱে শীঘ্ৰেই ইয়াৰ তদন্ত দাবী কৰিছে। উল্লেখ্য যে, যোৱা ফেব্ৰুৱাৰীত এক সামৰিক অভ্যুত্থানৰ জৰিয়তে ম্যানমাৰৰ সেনা বাহিনীয়ে আন ছান ছ্যু কীক ক্ষমতাচ্যুত কৰাৰ পিছৰে পৰা দেশখনত অ‍ব্যাহত আছে হিংসাত্মক ঘটনা। ইতিমধ্যে ছ্যু কীৰ লগতে ম্যানমাৰৰ ৰাষ্ট্ৰপতিকো কাৰাবন্দী কৰি ৰাখিছে ম্যানমাৰৰ সামৰিক জুণ্টাই। লোককেইজনৰ হত্যাত সামৰিক বাহিনী জৰিত থকা বুলিও বিভিন্ন মানৱাধিকাৰ গোটে অভিযোগ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এজন বিশেষ ব্যক্তিয়ে খোৱাৰ লগে লগে ষ্টক মাৰ্কেটত বৃদ্ধি পালে ফ্ৰাইড চিকেনৰ শ্বেয়াৰৰ মূল্য

দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলৰ এক বিশেষ সন্ধ্যা। এখন সুন্দৰ...

ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ মেচৰ বাবে অসম দল ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ৮ নৱেম্বৰৰ পৰা ত্ৰিপুৰাৰ বিৰুদ্ধে...

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি মন্ধনা

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি...