কোনে মাৰিলে শেষ হাঁহি, বাৰ্ষিক ক্ৰীড়া সপ্তাহত কোনে জিনিলে কিমান পদক?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড়ৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ বঁটা বিতৰণী তথা মুকলি সভা মঙলবাৰে প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়।

বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে চাবুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপাংকৰ গগৈ। শতাধিক প্ৰশিক্ষাৰ্থীৰ উপস্থিতিত বিয়লি ১ বজাৰ পৰা আৰম্ভ হোৱা মুকলি সভাত সভাপতিত্ব কৰে ডায়েটৰ অধ্যক্ষ অনুজ কুমাৰ ভট্টাচাৰ্যই| মুখ্য অতিথিৰ ভাষণত দীপাংকৰ গগৈয়ে উল্লেখ কৰে যে “ক্ৰীড়াই ব্যক্তিক ব্যক্তিৰ অন্তৰ্নিহিত প্ৰতিভাসমূহ জাগ্ৰত কৰি তোলাৰ লগতে আধ্যাত্মিক, মানসিক, শাৰীৰিক, সামাজিক আদি সকলো দিশতে আগুৱাই যোৱাত প্ৰধান ভূমিকা গ্ৰহণ কৰে। গতিকে সু-ৰুচিসম্পন্ন ব্যক্তি হ’বলৈ শিক্ষাগত অৰ্হতাৰ সমান্তৰালকৈ ক্ৰীড়া তথা শাৰীৰিক ক্ৰিয়াকলাপসমূহ আমাৰ অতিশয় প্ৰয়োজনীয়।”

মুখ্য অতিথিৰ ভাষণৰ পাছতেই ২২ ফেব্ৰুৱাৰী তাৰিখৰ পৰা অনুষ্ঠিত হৈ থকা বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ বিভিন্ন শিতানৰ বঁটাসমূহ বিতৰণ কৰা হয়। এই বৰ্ষৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু শ্ৰেষ্ঠ সাহিত্যিকৰ বঁটা লাভ কৰে ক্ৰমে ডি.এল.এড তৃতীয় ষান্মাসিকৰ নমিনিতা গগৈ আৰু বি.এড প্ৰথম ষান্মাসিকৰ শৰ্মিষ্ঠা ৰাজগুৰুৱে।

উল্লেখযোগ্য যে মুকলি সভাৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা ৰচনা প্ৰতিযোগিতাৰ বঁটাসমূহো বিতৰণ কৰা হয়| বঁটা বিতৰণ কৰে পৰমাণু খনিজ অন্বেষণ আৰু অনুসন্ধান নিৰ্দেশালয়, ভাৰত চৰকাৰৰ (AMDER) বৈজ্ঞানিক বিষয়া মানস জ্যোতি গোহাঁই আৰু মাৰাতি ৰুথভিকে| ৰচনা প্ৰতিযোগিতাখনত প্ৰণামী চেতিয়া, পূবালী ঘৰফলীয়া আৰু স্বপ্নালী গগৈয়ে প্ৰথম তিনিটা স্থান দখল কৰে| প্ৰতিষ্ঠানৰ প্ৰবক্তা ৰঞ্জন বৰাই আঁত ধৰা অনুষ্ঠানটোত জ্যেষ্ঠ প্ৰবক্তা দেৱজিত্‍ বৰদলৈ, দিলীপ শৰ্মা, পৰাগ জ্যোতি বৰা, মনোজ সিং চৌহান, তৃষ্ণা হাজৰিকা, প্ৰবক্তা দুলেন চন্দ্ৰ গোহাঁই, হেমন্ত কুমাৰ দত্ত, দীপামণি ফুকন, স্বপ্নালি বৰুৱা, অনিমা গোস্বামী, নিপামণি টায়ে, পল্লৱী কলিতা, অজয় ভট্টাচাৰ্য আৰু স্বৰাজ ফুকন উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...