দেশত ইন্ধনৰ মূল্যবৃদ্ধিয়ে ভংগ কৰিলে পূৰ্বৰ সকলোবোৰ অভিলেখ

গুৱাহাটী, ২৪ জুন, NKTV: দেশত ইন্ধনৰ মূল্যবৃদ্ধিয়ে পূৰ্বৰ সকলোবোৰ অভিলেখ ভংগ কৰিছে। মুম্বাইত পেট্ৰলৰ মূল্যবৃদ্ধি হৈ প্ৰতিলিটাৰৰ পেট্ৰলৰ দাম ১০৩.৮৯ টকালৈ বৃদ্ধি পালে। ইকোনোমিক কেপিটেল মুম্বাই চহৰত প্ৰতিলিটাৰ ডিজেলৰ মূল্য বাবদ চহৰ বাসীয়ে ৯৫.৭৯ টকাকৈ ব্যয় কৰিব লাগে। আনহাতে দেশৰ ৰাজধানী দিল্লী চহৰত প্ৰতিলিটাৰ পেট্ৰলৰ বিপৰীতে ২৬ পইচা মূল্যবৃদ্ধিৰে ৯৭.৭৬ টকালৈ বৃদ্ধি পাইছে। ইয়াৰ সমান্তৰালভাৱে প্ৰতিলিটাৰ ডিজেলৰ বিপৰীতে ৭ পইচাকৈ বৃদ্ধি হৈ দিল্লীত ডিজেলৰ মূল্য ৮৮.৩০ টকালৈ বৃদ্ধি পাইছে।

বৃহস্পতিবাৰে গুৱাহাটী মহানগৰত প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য ৯৩.২৩ টকা হলগৈ। স্থানীয় টেস্ক আৰু ফ্ৰেইট চাৰ্জৰ ওপৰত নিৰ্ভৰ কৰি দেশৰ বিভিন্ন ৰাজ্যসমূহত ডিজেল আৰু পেট্ৰলৰ মূল্য ভিন্ন হোৱা পৰিলক্ষিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...