ধেমাজি ডাক বিভাগৰ অভিনৱ পদক্ষেপ; এতিয়াৰে পৰা ড্ৰোনেৰে কৰিব পাৰিব চিঠি-পত্ৰৰ আদান-প্ৰদান

ধেমাজিৰ আকাশত বৃহৎ আকাৰৰ ড্ৰোন প্ৰত্যক্ষ কৰি আচৰিত হৈ পৰিল ধেমাজিবাসী। ডাক সেৱাত অত্যাধুনিক প্ৰযুক্তিৰ সংযোজন ঘটাই আজিৰে পৰা ধেমাজিত আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল ড্ৰোনৰ সহায়ত ডাক সেৱা।

ডিব্ৰুগড় ডিভিজন ডাক বিভাগৰ অধীনত ধেমাজি ডাক বিভাগে গ্ৰহণ কৰিছে এই অভিনৱ পদক্ষেপ। নতুন এই সেৱাৰ জৰিয়তে ধেমাজি মুখ্য ডাকঘৰৰ পৰা জিলাখনৰ ১০টা উপ-ডাকঘৰলৈ ড্ৰোনৰ সহায়ত চিঠি-পত্ৰ আৰু ডাক সামগ্ৰী প্ৰেৰণ কৰা হ’ব।

আজি ধেমাজি মুখ্য ডাকঘৰত অনুষ্ঠিত এক অনুষ্ঠানত এই সেৱাৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে ডিব্ৰুগড় ডিভিজন ডাক বিভাগৰ অধীক্ষকে। শুভাৰম্ভৰ অংশ হিচাপে ধেমাজি মুখ্য ডাকঘৰৰ পৰা ড্ৰোনৰ জৰিয়তে চিঠি-পত্ৰ প্ৰেৰণ কৰা হয়।

ড্ৰোনৰ ব্যৱহাৰৰ ফলত দূৰৱৰ্তী আৰু যোগাযোগ ব্যৱস্থা তুলনামূলকভাৱে অসুবিধাজনক অঞ্চলসমূহলৈ ডাক সেৱা অধিক দ্ৰুত আৰু সুচল কৰাৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে।

ধেমাজি ডাক বিভাগত আৰম্ভ হোৱা এই সেৱাই পৰম্পৰাগত ডাক ব্যৱস্থাৰ সৈতে আধুনিক প্ৰযুক্তিৰ সংযোগ ঘটাই জিলাখনৰ ডাক সেৱাৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিলে। আজি আকাশত উৰি যোৱা বৃহৎ ড্ৰোনখনেই ধেমাজিবাসীৰ বাবে হৈ পৰিল এই নতুন পৰিৱৰ্তনৰ অন্যতম আকৰ্ষণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজি আন্তঃৰাষ্ট্ৰীয় কফি দিৱসঃ চাহৰ দেশত কফিৰ খেতি! অসমলৈ কেনেকৈ আহিল কফি, ক’ত হয় উৎপাদন?

আজি ১ অক্টোবৰত পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় কফি দিৱস।...

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ, গ্ৰন্থ ক্ৰয়ত এককালীন ১,০০০ টকাৰ অনুদান অসম চৰকাৰৰ বিত্ত বিভাগ

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে গ্ৰন্থ ক্ৰয়ৰ ক্ষেত্ৰত এককালীন আৰ্থিক...