মৰিগাঁৱত বিগত তিনিদিন ধৰি ফুটপাথ আৰু জিৰণি চ’ৰাত দিন কটাবলগীয়া হৈছে ৰুদ্ৰ থিয়েটাৰৰ একাংশ কলা-কুশলীয়ে। থিয়েটাৰ কৰ্তৃপক্ষই তেওঁলোকৰ খবৰ নোলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসহায় নাট্যকৰ্মীসকলে।
চলিত নাট্য বৰ্ষত মৰিগাঁৱৰ বৰঙাবাৰীত আত্মপ্ৰকাশ কৰিছিল ৰুদ্ৰ থিয়েটাৰে। থিয়েটাৰখন আৰম্ভ হোৱাৰ পাছত ইতিমধ্যে চাৰি-পাঁচখন ঠাইত নাট মঞ্চস্থ কৰা বুলি জানিব পৰা গৈছে। কিন্তু থিয়েটাৰখনৰ একাংশ কলা-কুশলীৰ অভিযোগ অনুসৰি, আৰম্ভণিৰে পৰা আজিলৈ তেওঁলোকে এটকাও পাৰিশ্ৰমিক লাভ কৰা নাই।
পাৰিশ্ৰমিক নোপোৱাৰ অভিযোগক কেন্দ্ৰ কৰি ইতিমধ্যে থিয়েটাৰ দলটোৰ কেইবাজনো নায়ক-নায়িকাই দল ত্যাগ কৰা বুলি জানিব পৰা গৈছে। কেইবাবাৰো নায়ক-নায়িকা সলনি হোৱা দলটোৰ একাংশ নৃত্যশিল্পী এতিয়া আশ্ৰয়হীন অৱস্থাত মৰিগাঁৱৰ ফুটপাথ আৰু জিৰণি চ’ৰাত দিন কটাবলগীয়া হৈছে।

অভিযোগ অনুসৰি, থিয়েটাৰখনৰ স্বত্বাধিকাৰী বুলন হাজৰিকাই আৰম্ভণিৰে পৰা এইসকল নৃত্যশিল্পীক কোনো ধৰণৰ পাৰিশ্ৰমিক প্ৰদান কৰা নাই। কেৱল পাৰিশ্ৰমিকেই নহয়, থকা-খোৱাৰ ব্যৱস্থাৰ ক্ষেত্ৰতো কৰ্তৃপক্ষই কোনো ধৰণৰ খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে তেওঁলোকে।
পৰিস্থিতি অধিক দুৰ্ভাগ্যজনক হৈ পৰে যেতিয়া ঘৰলৈ উভতি যোৱাৰ উদ্দেশ্যে ওলাই অহা এইসকল কলা-কুশলীৰ হাতত পৰ্যাপ্ত ধন নথকাত মৰিগাঁও টেক্সি ষ্টেণ্ডৰ জিৰণি চৰা আৰু ফুটপাথতে বিগত তিনিদিন ধৰি সময় কটাবলগীয়া হয়।
আনহাতে, সমস্যাৰ সমাধান বিচাৰি আৰক্ষীৰ কাষ চাপিছিল বুলিও অভিযোগ কৰিছে নাট্যকৰ্মীসকলে। কিন্তু তেওঁলোকৰ অভিযোগ অনুসৰি, আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ সহায় লাভ নকৰিলে।
বৰ্তমান ফুটপাথ আৰু জিৰণি চৰাত আশ্ৰয় লৈ থকা এইসকল কলা-কুশলীৰ দুৰৱস্থাই ৰাজ্যৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতখনৰ কলা-কুশলীৰ সুৰক্ষা, পাৰিশ্ৰমিক আৰু কৰ্মক্ষেত্ৰৰ অধিকাৰক লৈও প্ৰশ্ন উত্থাপন কৰিছে। অৱশ্যে, এই অভিযোগসমূহৰ সন্দৰ্ভত ৰুদ্ৰ থিয়েটাৰ কৰ্তৃপক্ষৰ বক্তব্য এই প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈকে লাভ কৰা হোৱা নাই।
