ৰাইজক বিপদত পেলাই কোটি-কোটি টকা লুণ্ঠনৰ ফন্দি পাতিছে ঠিকাদাৰে

ৰাইজক বিপদত পেলাই কোটি-কোটি টকা লুণ্ঠনৰ ফন্দি পাতিছে ঠিকাদাৰে। ঢকুৱাখনাত ৯ কোটি ৪৭ লাখ টকীয়া মথাউৰি নিৰ্মাণত ঠিকাদাৰে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। গুৰথালি চাপৰিৰ পৰা চামপৰা দলং সংযোগী মথাউৰি নিৰ্মাণ হৈছে বালিৰে। মন্ত্ৰী পীযুষ হাজৰিকাৰ জলসম্পদ বিভাগে কাণসাৰ নিদিয়াৰ অভিযোগ। চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীত ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ উপস্থিতিত ঘিলামৰাত শুভাৰম্ভ কৰিছিল গুৰথালি চাপৰিৰ পৰা চামপৰা দলং সংযোগী মথাউৰি নিৰ্মাণৰ কাম। ২০২১-২০২২ বিত্তীয় বৰ্ষত SOPD-G পুঁজিৰ শিতানৰ ৯ কোটি ৪৭ লাখ টকা ব্যয়ৰে মথাউৰি নিৰ্মাণত বিভাগীয় ঠিকাদাৰ চলাই গৈছে লুণ্ঠন। স্থানীয় ৰাইজক অন্ধকাৰত ৰাখি ঠিকাদাৰে নিজৰ খেয়াল খুচি মতে নিৰ্মাণ কৰিছে মথাউৰি। বিভাগীয় নীতি-নিৰ্দেশনাক আওকাণ কৰি বালিৰে মথাউৰি নিৰ্মাণ কৰি এতিয়া কেৱল চৰকাৰী আঁচনিৰ নামত আবণ্টিত ধন শৰাধ কৰাতহে সিদ্ধহস্ত হৈ পৰা জলসম্পদ বিভাগৰ কাণ্ডক লৈ ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠন। কমিছনৰ অংকত বালিৰে নিৰ্মাণ কৰা মথাউৰিয়ে বাৰিষাৰ নৈৰ সূতক কেনেদৰে বাধা দিব তাক লৈ এতিয়া বানৰ পূৰ্বেই শংকিত হ’বলগীয়া হৈছে ৰাইজ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...