ৰাইজক বিপদত পেলাই কোটি-কোটি টকা লুণ্ঠনৰ ফন্দি পাতিছে ঠিকাদাৰে

ৰাইজক বিপদত পেলাই কোটি-কোটি টকা লুণ্ঠনৰ ফন্দি পাতিছে ঠিকাদাৰে। ঢকুৱাখনাত ৯ কোটি ৪৭ লাখ টকীয়া মথাউৰি নিৰ্মাণত ঠিকাদাৰে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। গুৰথালি চাপৰিৰ পৰা চামপৰা দলং সংযোগী মথাউৰি নিৰ্মাণ হৈছে বালিৰে। মন্ত্ৰী পীযুষ হাজৰিকাৰ জলসম্পদ বিভাগে কাণসাৰ নিদিয়াৰ অভিযোগ। চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীত ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ উপস্থিতিত ঘিলামৰাত শুভাৰম্ভ কৰিছিল গুৰথালি চাপৰিৰ পৰা চামপৰা দলং সংযোগী মথাউৰি নিৰ্মাণৰ কাম। ২০২১-২০২২ বিত্তীয় বৰ্ষত SOPD-G পুঁজিৰ শিতানৰ ৯ কোটি ৪৭ লাখ টকা ব্যয়ৰে মথাউৰি নিৰ্মাণত বিভাগীয় ঠিকাদাৰ চলাই গৈছে লুণ্ঠন। স্থানীয় ৰাইজক অন্ধকাৰত ৰাখি ঠিকাদাৰে নিজৰ খেয়াল খুচি মতে নিৰ্মাণ কৰিছে মথাউৰি। বিভাগীয় নীতি-নিৰ্দেশনাক আওকাণ কৰি বালিৰে মথাউৰি নিৰ্মাণ কৰি এতিয়া কেৱল চৰকাৰী আঁচনিৰ নামত আবণ্টিত ধন শৰাধ কৰাতহে সিদ্ধহস্ত হৈ পৰা জলসম্পদ বিভাগৰ কাণ্ডক লৈ ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠন। কমিছনৰ অংকত বালিৰে নিৰ্মাণ কৰা মথাউৰিয়ে বাৰিষাৰ নৈৰ সূতক কেনেদৰে বাধা দিব তাক লৈ এতিয়া বানৰ পূৰ্বেই শংকিত হ’বলগীয়া হৈছে ৰাইজ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...