১ ফেব্ৰুৱাৰীৰপৰা জগন্নাথ মন্দিৰ দৰ্শনৰ নতুন নিয়ম

১ ফেব্ৰুৱাৰীৰপৰা জগন্নাথ মন্দিৰ দৰ্শনৰ নতুন নিয়ম প্ৰণয়ন কৰা হৈছে। ছটা শাৰীৰে পুৰীৰ মন্দিৰত প্ৰৱেশ কৰিব পাৰিব ভক্তই। ঐতিহ্যমণ্ডিত পুৰীৰ জগন্নাথ মন্দিৰৰ ভক্তৰ ভিৰ লাঘৱ কৰাৰ বাবে মন্দিৰ দৰ্শনৰ নতুন নিয়ম অহা পহিলা ফেব্ৰুৱাৰীৰপৰা বলৱৎ হ’ব। চলিত বৰ্ষৰ প্ৰথম দিনটোৰ পৰাই পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শনৰ বাবে নতুন নিয়ম বলৱৎ কৰাৰ -কথা আছিল যদিও সেয়া হৈ উঠা নাছিল। শেহতীয়াকৈ মন্দিৰ কর্তৃপক্ষই অহা পহিলা ফেব্ৰুৱাৰীৰপৰা মন্দিৰ দৰ্শনৰ নতুন নিয়ম বলৱৎ কৰাৰ সিদ্ধান্ত লৈছে। নতুন নির্দেশনা অনুসৰি পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শনৰ বাবে ভক্তসকলে ছটা শাৰী পাতিব লাগিব। ইয়াৰে এটা শাৰী মহিলা আৰু শিশুসকলৰ বাবে থাকিব। দিব্যাংগসকলৰ বাবে আৰু এটা থাকিব বয়োজ্যেষ্ঠ লোকসকলৰ বাবে আন এটা শাৰী থাকিব। বাকী তিনিটা শাৰীৰে পুৰুষসকলে মন্দিৰ দৰ্শন কৰিব পাৰিব। প্ৰতিটো শাৰী বেৰিকেড দি ঘেৰি দিয়া হ’ব।

ধাদি দৰ্শন ব্যৱস্থাত বিভিন্ন গোটৰ ভক্তৰ বাবে ছটা পৃথক লেনৰ ব্যৱস্থা কৰা হৈছে। এই শাৰীসমূহ তলত দিয়া ধৰণে ভাগ কৰা হ’ব:
১. বিশেষভাৱে সক্ষম
২. মহিলা-শিশু
৩. বয়োজ্যেষ্ঠ
৪-৬. পুৰুষ ভক্ত

মন্দিৰৰ কোনো ক্ষতি নোহোৱাকৈ বেৰিকেড নিৰ্মাণ কৰাৰ বাবে মন্দিৰ কৰ্তৃপক্ষই ভাৰতীয় পুৰাতত্ত্ব বিভাগৰপৰা অনুমতি লাভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...