আৰক্ষীৰ জালত ‘লেডি ডন’ জয়া

হাতত মেহেন্দি লৈ ফটোত প’জ, চৌখিন, বিলাসী জীৱন। কোন এই সুন্দৰী? পৰিচয় জানিলে হতবাক হ’ব আপুনি। এই সুন্দৰী অতি ভয়ংকৰ। মেহেন্দিৰে ঢকা হাতত অপৰাধৰ দাগ। মাফিয়া ডন ডাউদৰে আছে লিংক।

নাম জয়া খান। আৰক্ষীৰ জালত পৰিল এই লেডি ডন জয়া। মেহেন্দি লগোৱা জয়া খানৰ হাতৰ পৰা জব্দ এক কোটি টকাৰ ড্ৰাগছ।

লগে লগে নজনাজনেও গম পালে সুন্দৰীৰ জয়া খানৰ আচল পৰিচয়। দিল্লী আৰক্ষীয়ে ২৭০ গ্ৰাম হেৰ’ইনসহ গ্ৰেপ্তাৰ কৰে জয়া খানক। দিল্লী আৰক্ষীয় প্ৰকাশ কৰা মতে জব্দ হোৱা ড্ৰাগছখিনি আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় এক কোটি টকা।

এখন ড্ৰাগছৰ সাম্ৰাজ্য চলাই আছে জয়া খানে। কিন্তু এক বিশেষ ভাবমুৰ্তি বজাই ৰাখিছিল জয়াই। বিলাসী সাজ–পাৰ, চৌখিন আদব–কায়দা, বিত্তবান লোকেৰে উঠা–বহা কৰিছিল লেডি ডন জয়া খানে। পাৰ্টি কৰা, ফটো উঠাতো চখ। ছ’চিয়েল মিডিয়াতো সক্ৰিয়। বহু ফল’ৱাৰ আছে জয়াৰ।

জ’য়া খানৰ স্বামী গেংষ্টাৰ হাছিম বাবা কাৰাবন্দী। হাছিমে গঢ়ি তুলিছিল ড্ৰাগছৰ বিশাল সাম্ৰাজ্য। হত্যা, ধনদাবীতো জড়িত হাছিমৰ তৃতীয় পত্নী জয়া খান

হাছিম কাৰাগাৰলৈ যোৱাৰ পিছত এই ড্ৰাগছৰ সাম্ৰাজ্য চলাই আছিল জয়াই। কিন্তু আৰক্ষীৰ হাতত চতুৰ জয়াৰ বিৰুদ্ধে নাছিল কোনো প্ৰমাণ। জয়াক তীক্ষ্ণ নজৰত ৰাখিছিল দিল্লী আৰক্ষীয়ে। কাৰাগাৰত সঘনাই লগ কৰিবলৈ গৈছিল হাছিম বাবাক। মাফিয়া ডন ডাউদ ইব্ৰাহিমৰ ভগ্নী হাছিনা পাৰ্কাৰ আছিল জয়াৰ ড্ৰাগছ কাৰবাৰৰ নেপথ্যত। উত্তৰ–পূব দিল্লীত ড্ৰাগছৰ ব্যৱসায় চলোৱা জয়াক হাতে–লোতে ধৰাৰ চেষ্টা কেইবা বছৰ ধৰি চলাই আছিল দিল্লী আৰক্ষীয়ে। অৱশেষত উত্তৰ–পূব দিল্লীতে ড্ৰাগছ সৰবৰাহৰ সময়তে ধৰা পৰিল সুন্দৰী লেডি ডন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...