দিল্লীৰ পৰা পুণেলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমান এখনৰ সৈতে চৰাইৰ সংঘৰ্ষণ হৈছে। যদিও পাইলটে বিমানখন নিৰাপদে পুণে বিমানবন্দৰত অৱতৰণ কৰিবলৈ সক্ষম হৈছে। বিমানখন পুণেৰ পৰা দিল্লীলৈ যোৱাৰ কথা আছিল, কিন্তু এই ঘটনাৰ পিছত বিমানৰ উভতি যাত্ৰা বাতিল কৰা হৈছে বুলি এয়াৰ ইণ্ডিয়াৰ তৰফৰ পৰা জনোৱা হৈছে।
শুকুৰবাৰে পুৱা ৫:৩১ বজাত দিল্লীৰ পৰা পুণেৰ উদ্দেশ্যে এয়াৰ ইণ্ডিয়াৰ এআই ২৪৬৯ বিমানখন ৰাওনা হৈছিল। পুৱা ৭:১৪ বজাত বিমানখন পুণে বিমানবন্দৰত অৱতৰণ কৰে। বিমানত ১০০ৰো অধিক যাত্ৰী আছিল। অৱতৰণৰ পিছত বিমান সংস্থাৰ সূত্ৰই জনোৱা মতে, এআই ২৪৬৯ বিমানখনৰ পৰৱৰ্তী যাত্ৰা বাতিল কৰা হৈছে।
বিমান সংস্থাই নিশ্চিত কৰিছে যে, বিমানখনৰ সৈতে চৰাইৰ সংঘৰ্ষণ হৈছিল। তাৰ বাবে নিৰাপত্তাৰ স্বাৰ্থত বিমানখনৰ পৰৱৰ্তী যাত্ৰা বাতিল কৰা হৈছে। বিমানখনৰ ভালদৰে পৰীক্ষা কৰা হ’ব বুলিও জনোৱা হৈছে। সেইবাবে এই সিদ্ধান্ত লোৱা হৈছে। উভতনি যাত্ৰা বাতিল হোৱাৰ ফলত যাত্ৰীসকলৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিমান সংস্থাই জনোৱা মতে, বিমানখন বাতিলৰ বাবে যাত্ৰীসকলক টিকটৰ সম্পূৰ্ণ ধন ঘূৰাই দিয়াৰ প্ৰস্তাৱো দিয়া হৈছে।
ঘটনাক্ৰমে, একেদিনাই এয়াৰ ইণ্ডিয়াই কেইবাখনো দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিমান বাতিলৰ কথা ঘোষণা কৰিছে। বাতিলৰ কাৰণো বিমান সংস্থাই ব্যাখ্যা কৰিছে। এয়াৰ ইণ্ডিয়াৰ বিবৃতিত কোৱা হৈছে যে, পৰ্যবেক্ষণৰ কাৰণে ডুবাইৰ পৰা চেন্নাইলৈ যোৱা এআই ৯০৬, দিল্লীৰ পৰা মেলবৰ্ণলৈ যোৱা এআই ৩০৮, মেলবৰ্ণৰ পৰা দিল্লীলৈ যোৱা এআই ৩০৯, ডুবাইৰ পৰা হায়দৰাবাদলৈ যোৱা এআই ২২০৪, পুণেৰ পৰা দিল্লীলৈ যোৱা এআই ৮৭৪, আহমেদাবাদৰ পৰা দিল্লীলৈ যোৱা এআই ৪৫৬, হায়দৰাবাদৰ পৰা মুম্বাইলৈ যোৱা এআই ২৮৭২ আৰু চেন্নাইৰ পৰা মুম্বাইলৈ যোৱা এআই ৫৭১ উৰণ বাতিল কৰা হৈছে। বিমানৰ পৰ্যবেক্ষণৰ উপৰিও প্ৰতিকূল বতৰ আৰু ইৰাণ-ইজৰাইলৰ সংঘৰ্ষৰ বাবে আকাশমাৰ্গ বন্ধ থকাৰ বাবেও এয়াৰ ইণ্ডিয়াই উৰণ বাতিল কৰিছে।
