আদালতত পুনৰ মুখ থেকেচা খালে মুখ্যমন্ত্ৰী কেজৰিৱালে

এতিয়াও বিপদমুক্ত নহয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। দিল্লী সুৰা কেলেংকাৰীৰ সৈতে জড়িত থকাৰ গোচৰত জামিন লাভ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। কিন্তু তাৰ পাছতো তেওঁ মুকলি আকাশৰ তললৈ আহিব নোৱাৰিলে। ২১ মাৰ্চত ED-এ গ্ৰেপ্তাৰ কৰিছিল কেজৰিৱালক। ধন সৰবৰাহৰ গোচৰত ED-এ গ্ৰেপ্তাৰ কৰিছিল। উচ্চতম ন্যায়ালয়ে তেওঁক লোকসভা নিৰ্বাচনত প্ৰচাৰৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। অন্তৱৰ্তীকালীন জামিনৰ সময়সীমা সম্পূৰ্ণ হোৱাৰ পিছত পুনৰ ২ জুনত তিহাৰ কাৰাগাৰ আত্মসমৰ্পণ কৰিছিল অৰবিন্দ কেজৰিৱালে। জামিন পোৱাৰ পাছতো আদালতত পুনৰ মুখথেকেচা খালে মুখ্যমন্ত্ৰী কেজৰিৱালে। কেজৰিৱালৰ জামিনৰ ৰায়ত দিল্লী উচ্চ ন্যায়ালয়ে দিলে স্থগিতাদেশ। বৃহস্পতিবাৰে ৰাউছ এভিনিউ আদালতে মঞ্জুৰ কৰিছিল কেজৰিৱালৰ জামিন। শুকুৰবাৰে জামিনৰ ৰায়ক প্ৰত্যাহ্বান জনোৱা হয় উচ্চ ন্যায়ালয়ত। EDৰ আবেদনৰ ভিত্তিত জামিনৰ ৰায়ত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ। আবকাৰী কেলেংকাৰি গোচৰত তিহাৰ কাৰাগাৰত বন্দী কেজৰিৱাল। দিল্লীৰ ৰাউছ এভিনিউ আদালতে কেজৰিৱালৰ জামিন মঞ্জুৰ কৰিছিল। কিন্তু কথাবোৰ ভবাৰ দৰে নহ’ল। শুকুৰবাৰে কাৰাগাৰৰ পৰা মুক্ত হোৱাৰ কথা আছিল মুখ্যমন্ত্ৰী কেজৰিৱালৰ। কিন্তু তাৰ পূৰ্বে নিম্ন আদালতৰ জামিনৰ ৰায়ক প্ৰত্যাহ্বান জনাই দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে তদন্তকাৰী সংস্থা EDএ। EDৰ আবেদনৰ ভিত্তিত দিল্লী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে নিম্ন আদালতৰ জামিনৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰে। উচ্চ ন্যায়ালয়ে প্ৰকাশ কৰা মতে, গোচৰৰ শুনানি নোহোৱা পৰ্যন্ত বাহাল থাকিব এই স্থগিতাদেশ। কি চৰ্তত কেজৰিৱালক জামিন দিয়া হৈছে সেয়াও স্পষ্ট নহয়। আনহাতে, EDক প্ৰতিনিধিত্ব কৰি অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে দাবী কৰা মতে, কেজৰিৱালৰ জামিনৰ বাবে নিম্ন আদালতে গ্ৰহণ কৰা সিদ্ধান্ত ত্ৰুটিপূৰ্ণ। বিভিন্ন পদ্ধতিগত অনিয়মৰ মাজেৰে মঞ্জুৰ কৰা হৈছে কেজৰিৱালৰ জামিন। ইপিনে EDএ দাবী কৰে যে ৰাউছ এভিনিউ আদালতত শুনানিৰ সময়ত EDৰ অধিবক্তা বা ছলিচিটৰ জেনেৰেলক যুক্তি প্ৰদৰ্শনৰ সুযোগ দিয়া হোৱা নাছিল। EDৰ এই দাবী অস্বীকাৰ কৰি মুখ্যমন্ত্ৰী কেজৰিৱালৰ অধিবক্তা অভিষেক মনু সিংভীয়ে কয় যে, ইতিমধ্যে এই গোচৰৰ ৭ ঘণ্টা ধৰি শুনানি অনুষ্ঠিত হৈছে। শুনানিৰ সময়তে যুক্তি প্ৰদৰ্শনৰ সুযোগ দিয়া হৈছিল EDৰ অধিবক্তাক। উল্লেখ্য যে আবকাৰী কেলেংকাৰি গোচৰত যোৱা ২১ মাৰ্চত EDএ গ্ৰেপ্তাৰ কৰিছিল মুখ্যমন্ত্ৰী কেজৰিৱালক। গ্ৰেপ্তাৰৰ বিৰোধিতাৰে সৰ্বোচ্চ ন্যায়ালয়ত আবেদন জনাইছিল কেজৰিৱালে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ২১ দিনৰ বাবে অন্তৱৰ্তী জামিন লাভ কৰা কেজৰিৱালে ২ জুনত পুনৰ আত্মসমৰ্পণ কৰে। বৃহস্পতিবাৰে জামিন লাভ কৰিও কাৰামুক্ত হ’ব নোৱাৰিলে কেজিৰৱালে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...