পুনৰ ডামিনীকাণ্ড! দশম শ্ৰেণীৰ ছাত্ৰীক চলন্ত গাড়ীত দলৱদ্ধ ধৰ্ষণ

নতুন দিল্লীত পুনৰ ধৰ্ষণকাণ্ড। দিল্লীৰ বসন্তবিহাৰত চলন্ত গাড়ীত ১৬ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ। ৬ জুলাইৰ নিশা প্ৰায় ৮.৩০ বজাত তিনিওজন অভিযুক্তৰ সৈতে একেখন গাড়ীতে যাত্ৰী কৰিছিল কিশোৰীগৰাকীয়ে। আটাইকেইজন লোকে কিশোৰীগৰাকীক লৈ গৈছিল অকলশৰীয়া ঠাইলৈ আৰু তাতেই ধৰ্ষণ কৰে কিশোৰীগৰাকীক। এই ঘটনাটো সংঘটিত হয় ৬ জুলাইত। ৮ জুলাইত সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতে আৰক্ষীয়ে অভিযোগ ভিত্তিত আৰম্ভ কৰিছিল তদন্ত। ২৩, ২৫ আৰু ৩৫ বছৰীয়া আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে ৰুজু কৰা হয় এটা গোচৰ। আৰক্ষীৰ অনুসন্ধানৰ পাছতেই তিনিওজন অভিযুক্তক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী। অভিযোগকাৰীৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি ভাৰতীয় দণ্ডবিধিৰ ধৰ্ষণ আৰু যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা (POCSO) আইনৰ অধীনত তিনিওজন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু। উল্লেখ্য যে, আটাইকেইজন ধৰ্ষণকাৰী কিশোৰীগৰাকীৰ চিনাকি আছিল। প্ৰথমতে গাড়ীৰে কিশোৰীগৰাকীক লৈ যোৱা হৈছিল এখন দোকানলৈ। তাৰ পাছতেই বলপূৰ্বকভাৱে মদ্যপান কৰাবলৈও বাধ্য কৰোৱা হৈছিল দশম শ্ৰেণীত অধ্যয়নৰত কিশোৰীগৰাকীক। বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে কিশোৰীগৰাকী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...