বিয়াৰ ৬ বছৰৰ পাছত সন্তানক আদৰিলে দীপিকা-ৰণবীৰে

২৮ ছেপ্টেম্বৰত প্ৰথম সন্তানক আদৰিলে বলিউডৰ জনপ্ৰিয় ষ্টাৰ দম্পতী ৰণবীৰ সিং আৰু দীপিকা পাডুকনে। দেওবাৰে ইনষ্টাগ্ৰামত এই খবৰ নিশ্চিত কৰিলে ৰণবীৰ সিঙে৷ “ৱেলকাম বেবী গাৰ্ল” শীৰ্ষক পোষ্টটো শ্বেয়াৰ কৰি দীপিকা মাতৃ হোৱাৰ কথা জনালে ৰণবীৰে। সম্প্ৰতি ৰণবীৰ-দীপিকাৰ ঘৰত উখল-মাখল পৰিৱেশ। এই খবৰৰ পাছতে তাৰকা দম্পতিলৈ শুভেচ্ছা অনুৰাগীৰ।

বলিউডৰ তাৰকাসকলৰো শুভেচ্ছা ৰণবীৰ-দীপিকালৈ। আলিয়া ভাটে, শ্ৰদ্ধা কাপুৰ, প্ৰিয়ংকা চোপ্ৰাই জনালে শুভেচ্ছা। তাৰকাদ্বয়লৈ শুভেচ্ছা কৰিণা কাপুৰৰো।

শনিবাৰে দক্ষিণ মুম্বাইৰ ৰিলায়েন্স হাস্পতালত মাতৃ হ’ল দীপিকা পাডুকন। প্ৰসৱৰ পূৰ্বে শুকুৰবাৰে মুম্বাইৰ সিদ্ধিবিনায়ক মন্দিৰ দৰ্শন কৰিছিল ৰণবীৰ-দীপিকাই। শনিবাৰে গণেশ পূজা অনুষ্ঠিত হোৱাৰ পাছতে চিকিত্সালয়ত ভৰ্তি হৈছিল দীপিকা। চিকিত্সকৰ পৰামৰ্শ অনুসৰি ২৮ ছেপ্টেম্বৰত মাতৃ হোৱাৰ কথা আছিল দীপিকা। কিন্তু তাৰ পূৰ্বেই দীপিকাৰ কোলালৈ আহিল এটি কন্যা সন্তান। এই ধুনীয়া সময়খিনিত অগণন লোকে শুভাশীষ যাচিছে ৰণবীৰ-দীপিকা আৰু তেওঁলোকৰ নৱজাতকলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...