দেৱৰাজ ৰয় দ্য ষ্টৰী লাইফ উন্মোচন

গোলাঘাটৰ সমাজ জীৱনৰ পুৰোধা প্ৰয়াত ‘দেৱৰাজ ৰয়’ৰ আত্মজীৱনী উন্মোচন। তেজপুৰ বিশ্ববিদ্যালৰ ইংৰাজী বিভাগৰ অধ্যাপক ড০ সঞ্জীৱ চাহুৰ সম্পাদনাত আত্মজীৱনী দেৱৰাজ ৰয় আৰু ড০ সঞ্জীৱ চাহু তথা উত্তম ৰয়ৰ সাৱলীল অনুবাদেৰে Debraj Roy, the story life শীৰ্ষক গ্ৰন্থ দুখন গোলাঘাট প্ৰেছ ক্লাবত শুভ উন্মোচন কৰা হয়। গোলাঘাট প্ৰেছ ক্লাবৰ সভাপতি, অধ্যাপক দেৱজিৎ ফুকনৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা শুভ উন্মোচনী সভাত বিশিষ্ট লেখক, নিৱন্ধকাৰ ডাঃ অজিত বৰুৱা আৰু প্ৰবীণ সাংবাদিক অপূৰ্ব বৰুৱাই গ্ৰন্থ দুখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে। অনুষ্ঠানত গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জয়ন্ত বাৰুকিয়াল, অৱসৰপ্ৰাপ্ত অধ্যাপক হেম ফুকন, জ্যেষ্ঠ সাংবাদিক তথা গোলাঘাট প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি দিগন্ত কুমাৰ ভূঞা, প্ৰয়াত দেৱৰাজ ৰয়ৰ নাতিনী সুধীৰ ৰয় আৰু প্ৰবীৰ ৰয়, বিশিষ্ট ব্যক্তি ধনশ্যাম বাঢ়ৈয়ে অংশগ্ৰহণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...