‘সেউজী পাতৰ কাহিনী’ৰ স্ৰষ্টাৰ আজি পুণ্যতিথি

আধুনিক অসমীয়া সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ সাহিত্যিক ড০ বিৰিঞ্চি কুমাৰ বৰুৱাদেৱে ছদ্মনামত লিখা ‘জীৱনৰ বাটত’ আৰু ‘সেউজী পাতৰ কাহিনী’ উপন্যাস দুখন জনপ্ৰিয় গ্ৰন্থ৷ তেখেত আছিল এগৰাকী প্ৰখ্যাত লোক-সংস্কৃতিবিদো। আজি তেখেতৰ মৃত্যুতিথি। ১৯৬৪ চনৰ ৩০ মাৰ্চত ৫৫ বছৰ বয়সত দেহাৱসান ঘটিছিল গুৱাহাটীত। আনহাতে, বিৰিঞ্চি কুমাৰ বৰুৱাদেৱৰ জন্ম হৈছিল ১৯০৮ চনৰ ১০ নৱেম্বৰত নগাঁৱৰ পুৰণিগুদামত। দেউতাকৰ নাম আছিল বিজয় কুমাৰ বৰুৱা। নগাঁও চৰকাৰী বিদ্যালয়ৰ পৰা ১৯২৮ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ ৰাওনা হয়। কলিকতাৰ প্ৰেচিডেঞ্চী কলেজত অধ্যয়ন কৰিছিল আৰু ১৯৩২ চনত ঈশান শিক্ষাবৃত্তি লাভ কৰে। এই শিক্ষাবৃত্তি লাভ কৰা অসমৰ প্ৰথমজন ছাত্ৰ আছিল বিৰিঞ্চি কুমাৰ বৰুৱা। প্ৰেচিডেঞ্চী কলেজৰ পৰাই ১৯৩৪ চনত পালি ভাষাত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ এম.এ পাছ কৰে। ১৯৪৫ চনত তেওঁ উচ্চ শিক্ষাৰ বাবে লণ্ডনলৈ যায় আৰু ১৯৪৮ চনত অসমৰ সাংস্কৃতিক ইতিহাসৰ বিষয়ত গৱেষণা কৰি লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। পিছলৈ তেখেতৰ গৱেষণা গ্ৰন্থখনক “A Cultural History of Assam” নামেৰে প্ৰকাশ কৰা হয়। অসমৰ লোক-সংস্কৃতিৰ অমূল্য সম্পদসমূহ উদ্ধাৰৰ বাবে গোটেই জীৱন অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল। বিৰিঞ্চি কুমাৰ বৰুৱাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌপাশতে জীৱনৰ অধিক সময় পাৰ কৰিছিল। সেয়েহে পিছলৈ তেখেতৰ নামেৰে গুৱাহাটী বিশ্ববিদ্যালয়ত ‘বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহ’ৰ নিৰ্মাণ কৰা হয়। ইণ্ডিয়ান ফিল্ম চেঞ্চৰ বৰ্ডৰো সদস্য আছিল। ইয়াৰ লগতে ইণ্ডিয়ান লেংগুৱেজ কমিছনৰো প্ৰতিষ্ঠাপক সদস্য আছিল। সামাজিক-সাংস্কৃতিক অনুষ্ঠান Assam Academy for Cultural Relationsৰ প্ৰতিষ্ঠাপক আছিল, যাৰ মূল উদ্দেশ্য আছিল উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ভাষা, জাতিৰ মাজত সমন্বয় প্ৰতিষ্ঠা কৰা। জাতকৰ মালা, অসমৰ লোক-সংস্কৃতি, পুৰণি অসমীয়া কথা সাহিত্য, চুইজাৰলেণ্ড ভ্ৰমণ, এবেলাৰ নাট, বৈষ্ণৱ গুৰু শংকৰদেৱ, প্ৰফেচৰ বৰুৱাৰ চিঠি, ভাৰত বুৰঞ্জী, পট পৰিৱৰ্তন, আঘোনী বাই, বৌদ্ধ ধৰ্ম আৰু সাহিত্য, দেশ বিদেশৰ সাধু আৰু অসমৰ সংস্কৃতিৰ ইতিহাস নামৰ গ্ৰন্থকেইখন ৰচনা কৰিছিল। পৱিত্ৰ পুণ্যতিথিত সাহিত্যৰ সাধকগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...