কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ

গুৱাহাটী, ১৪ জুলাই, NKTV:  কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ। ক’ভিডৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি ৰখা কৰ্মচাৰীৰ মৰগীয়া বানচ মুকলি কৰি দিছে কেন্দ্ৰীয় চৰকাৰে। বুধবাৰে নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট মন্ত্ৰীসভাৰ বৈঠকে কৰ্মচাৰীৰ মৰগীয়া বানচ ১১ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়। বৰ্তমানৰ ১৭ শতাংশৰ মৰগীয়া বানচৰ সৈতে এই বৃদ্ধিৰ পিছত মুঠ ২৮ শতাংশ মৰগীয়া বানচ লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰে বিগত বৰ্ষৰ পৰাই মৰগীয়া বানচ বন্ধ কৰি ৰাখিছিল। মূল্য বৃদ্ধিৰ পৰা সকাহ দিবলৈ কেন্দ্ৰীয় কৰ্মচাৰীক এই বানচ প্ৰদান কৰা হয়। অসম চৰকাৰেও বিগত বৰ্ষৰ পৰা কৰ্মচাৰীৰ মৰগীয়া বানচ বন্ধ কৰি ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...