কোকৰাঝাৰৰ ঘন জংঘলৰ মাজত মৃতদেহ উদ্ধাৰ!

কোকৰাঝাৰৰ মাগুৰমাৰী বন বিট কাৰ্যালয়ৰ অন্তৰ্গত ঘন জংঘলৰ মাজত শিক্ষকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ বৰ্তমানেও অব্যাহত আছে চাঞ্চল্য। মৃত শিক্ষকজন বেৰলাও বেথাও ব্ৰহ্ম ওৰফে বিভাষ ব্ৰহ্ম। ডটমা শিক্ষাখণ্ডৰ অন্তৰ্গত কুমগুৰি (টিনখোনা) প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বেৰলাও বেথাও ব্ৰহ্ম। শিক্ষকজনক দুৰ্বৃত্তই অপহৰণ কৰি হত্যা কৰাৰ সন্দেহ আৰক্ষীৰ। মৃত ব্ৰহ্মৰ শৰীৰত স্পষ্ট আঘাতৰ চিন।

নিশাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। আটক কৰিছে তিনিজন লোকক। উল্লেখ্য যে, বেৰলাও বেথাও ব্ৰহ্মৰ পৰিয়ালৰ মতে, বুধবাৰে বিয়লিৰ পৰা নিৰুদ্দেশ হৈ আছিল মৃত ব্ৰহ্ম। সেইদিনাই ব্ৰহ্মই বেংকৰ পৰা ওলিয়াইছিল ৬ লাখকৈ টকা। আৰু ইয়াৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছিল বেৰলাও বেথাও ব্ৰহ্ম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...