কোকৰাঝাৰৰ ঘন জংঘলৰ মাজত মৃতদেহ উদ্ধাৰ!

কোকৰাঝাৰৰ মাগুৰমাৰী বন বিট কাৰ্যালয়ৰ অন্তৰ্গত ঘন জংঘলৰ মাজত শিক্ষকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ বৰ্তমানেও অব্যাহত আছে চাঞ্চল্য। মৃত শিক্ষকজন বেৰলাও বেথাও ব্ৰহ্ম ওৰফে বিভাষ ব্ৰহ্ম। ডটমা শিক্ষাখণ্ডৰ অন্তৰ্গত কুমগুৰি (টিনখোনা) প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বেৰলাও বেথাও ব্ৰহ্ম। শিক্ষকজনক দুৰ্বৃত্তই অপহৰণ কৰি হত্যা কৰাৰ সন্দেহ আৰক্ষীৰ। মৃত ব্ৰহ্মৰ শৰীৰত স্পষ্ট আঘাতৰ চিন।

নিশাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। আটক কৰিছে তিনিজন লোকক। উল্লেখ্য যে, বেৰলাও বেথাও ব্ৰহ্মৰ পৰিয়ালৰ মতে, বুধবাৰে বিয়লিৰ পৰা নিৰুদ্দেশ হৈ আছিল মৃত ব্ৰহ্ম। সেইদিনাই ব্ৰহ্মই বেংকৰ পৰা ওলিয়াইছিল ৬ লাখকৈ টকা। আৰু ইয়াৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছিল বেৰলাও বেথাও ব্ৰহ্ম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিবাহযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত ৬

শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰিছে উত্তৰ প্ৰদেশৰ হাপুৰ। বিবাহযাত্ৰীৰ বাছ...

৩ খন সফল আই পি এল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এ চি এৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ তিনিখন খেলৰ সফল...

গুৱাহাটীত অষ্টম পুৰুষ-মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপ

দেশৰ ৩৩ খন ৰাজ্যৰ প্ৰায় আঠশ খেলুৱৈ, প্ৰশিক্ষক, কাৰিকৰী...