অত্যধিক মদ্যপান কৰি কালভাৰ্টত পৰি মৃত্যু ঘটিল যুৱকৰ!

অত্যধিক মদ্যপানৰ ফলত কালভাৰ্টৰ পৰা পৰি মৃত্যু হোৱাৰ সন্দেহ ৰাইজৰ। বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত গুঘুবাৰী কালভাৰ্ট চ’কত এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ হো়ৱাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। পুৱা ৰাইজে কালভাৰ্টৰ তলত যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি সৰভোগ আৰক্ষীক খবৰ দিয়ে। লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মৃত যুৱকজন সৰভোগ থানাৰ অন্তৰ্গত ধৰ্মপুৰ গাঁৱৰ বাসিন্দা নিৰণ দাসৰ পুত্ৰ শোণিত কুমাৰ দাস। অত্যাধিক মদ্যপানৰ ফলত নিশাৰ ভাগত কালভাৰ্টৰ পৰা বাগৰি পৰি অকাল মৃত্যু হৈছে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...