সেউজীয়া টি চাৰ্ট পৰিহিত যুৱকক হত্যা কৰি পেলাই দিলে ব্ৰহ্মপুত্ৰত!

শুৱালকুছি ব্ৰহ্মপুত্ৰৰ ৰাজঘাটত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ। মৃতদেহটোৰ মুখ মণ্ডলত আৰু দেহত আঘাতৰ চিন স্পষ্ট। মৃতদেহ উদ্ধাৰক লৈ অঞ্চলজুৰি চাঞ্চল্য- হত্যাৰ সন্দেহ! সেউজীয়া টি চাৰ্ট আৰু জিনছ পেণ্ট পৰিহিত যুৱকজনক কোনো লোকে হত্যা কৰি ব্ৰহ্মপুত্ৰত পেলাই দিয়াৰ সন্দেহ প্ৰত্যক্ষদৰ্শীৰ। কাৰণ যুৱকজনৰ মুখমণ্ডল, বুকু আৰু শৰীৰৰ বিভিন্ন অংশত দেখা গৈছে তেজৰ চেঁকুৰা। স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে শুৱালকুছি নদী আৰক্ষীক। শুৱালকুছি নদী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ পানীৰ পৰা মৃতদেহ উদ্ধাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে। শুৱালকুছিৰ ৰাজঘাটত উদ্ধাৰ হোৱা এই মৃতদেহক লৈ তীব্ৰ চাঞ্চল্য অব্যাহত আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালত পুনৰ ভয়াৱহ বানৰ আশংকা, চীনৰ সতৰ্কবাণী

নেপালত পুনৰ ভয়ংকৰ আকস্মিক বানৰ ‘উচ্চ আশংকা’ — চীনৰ...

ব্ৰাজিলৰ পিছত ভাৰতত খেলিব দুবাৰৰ FIFA বিশ্বকাপ বিজয়ী উৰুগুৱে

ভাৰতীয় ফুটবলৰ বাবে আহি আছে এক ঐতিহাসিক ক্ষণ। পাঁচবাৰৰ...

মহাৰাষ্ট্ৰৰ টেক্সি আৰু অটো চালকসকলৰ বাবে সকাহ: মাৰাঠী ভাষা শিকিবলৈ ১ বছৰ সময় বান্ধি দিলে চৰকাৰে

মহাৰাষ্ট্ৰ চৰকাৰে অনা-মাৰাঠীভাষী টেক্সি আৰু অটো-ৰিক্সা চালকসকলৰ বাবে এক...