বেংক লুট কৰিবলৈ গৈ আৰক্ষীৰ গুলীত নিহত ৩টাকৈ ডকাইত

কোকৰাঝাৰত নিশা আৰক্ষী আৰু ডকাইতৰ এটা দলৰ মাজত সংঘটিত হয় প্ৰচণ্ড গুলীয়াগুলী। আৰক্ষীৰ গুলীত নিহত হয় ৩টাকৈ ডকাইত। ভোটগাঁও এলাহাবাদ বেংকৰ সমীপত সংঘটিত হয় এই ঘটনা। ৬জনীয়া ডকাইতৰ দল এটাই বেংক লুট কৰিবলৈ অহাৰ সময়তে আৰক্ষীৰ দলেৰে সংঘৰ্ষত লিপ্ত হয়। আৰক্ষীৰ গুলীত দলটোৰ ৩জন নিহত হয় যদিও আন ৩জনে পলায়ন কৰে। নিহত ডকাইত ৩জনক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। মৃতদেহ ৩টা সম্প্ৰতি কোকৰাঝাৰ অসামৰিক চিকিৎসালয়ত ৰখা হৈছে। ঘটনাস্থলীৰ পৰা ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰা হৈছে। কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক প্ৰতীক থৌবেই জনোৱামতে ডকাইতৰ দলটোৱে প্ৰথমে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল। আৰক্ষীয়ে গুলীৰে প্ৰত্যুত্তৰ দিয়াত ৩টা ডকাইত নিহত হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভ্লাদিমিৰ পুটিনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।...

ACA ক্ৰিকেট একাডেমীত দেশৰ অন্যতম বৃহৎ ইনড’ৰ ক্ৰিকেট সুবিধা মুকলি

উত্তৰ গুৱাহাটীৰ ফুলুঙত থকা এচিএ ক্ৰিকেট একাডেমীত দেশৰ অন্যতম...

মহানগৰীৰ বিড়ম্বনা! গুৱাহাটীত আকৌ বান…

মানুহ গৈ চন্দ্ৰ পালেগৈ, সৌ সিদিনা মহাকাশত বহুকেইটা মাহ...

নতুন দিল্লীত মোদী-পুটিনৰ বৈঠক : বাণিজ্য, প্ৰতিৰক্ষা আৰু ইউক্ৰেইন যুদ্ধক লৈ গুৰুত্বপূৰ্ণ আলোচনা

নতুন দিল্লীত শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি...