বেংক লুট কৰিবলৈ গৈ আৰক্ষীৰ গুলীত নিহত ৩টাকৈ ডকাইত

কোকৰাঝাৰত নিশা আৰক্ষী আৰু ডকাইতৰ এটা দলৰ মাজত সংঘটিত হয় প্ৰচণ্ড গুলীয়াগুলী। আৰক্ষীৰ গুলীত নিহত হয় ৩টাকৈ ডকাইত। ভোটগাঁও এলাহাবাদ বেংকৰ সমীপত সংঘটিত হয় এই ঘটনা। ৬জনীয়া ডকাইতৰ দল এটাই বেংক লুট কৰিবলৈ অহাৰ সময়তে আৰক্ষীৰ দলেৰে সংঘৰ্ষত লিপ্ত হয়। আৰক্ষীৰ গুলীত দলটোৰ ৩জন নিহত হয় যদিও আন ৩জনে পলায়ন কৰে। নিহত ডকাইত ৩জনক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। মৃতদেহ ৩টা সম্প্ৰতি কোকৰাঝাৰ অসামৰিক চিকিৎসালয়ত ৰখা হৈছে। ঘটনাস্থলীৰ পৰা ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰা হৈছে। কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক প্ৰতীক থৌবেই জনোৱামতে ডকাইতৰ দলটোৱে প্ৰথমে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল। আৰক্ষীয়ে গুলীৰে প্ৰত্যুত্তৰ দিয়াত ৩টা ডকাইত নিহত হয়।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...