সামুদ্ৰিক ঘূৰ্ণী ৰিমালৰ প্ৰভাৱত তচনচ ৰাজ্য

সোমবাৰৰ নিশাৰে পৰা অহা ধুমুহা বৰষুণত বিস্তৰ ক্ষতি
এই পৰ্যন্ত ৰাজ্যত প্ৰচণ্ড ধুমুহাত ছাত্ৰসহ ৪ জনৰ প্ৰাণহানি
ঠায়ে ঠায়ে প্ৰকাণ্ড প্ৰকাণ্ড গছ বাগৰি পৰি স্তব্ধ যাতায়াত

বিধ্বংসী ধুমুহাত প্ৰান্তে প্ৰান্তে বিদ্যুতৰ খুঁটা উঘালি পৰাত প্ৰায় সমগ্ৰ ৰাজ্যতে ব্যাহত বিদ্যুৎ‍ সেৱা। কি বাসগৃহ, কি বিদ্যালয় তথা আন সামাজিক অনুষ্ঠান এফালৰ পৰা সকলো ভাঙি চিঙি ধ্বংসস্তুপত পৰিণত কৰিলে বিধ্বংসী ৰিমালে। ধুমুহাৰ সমান্তৰালকৈ অহা ধাৰাষাৰ বৰষুণৰ ফলত উদ্ধাৰ অভিযানটো সৃষ্টি হৈছে ব্যাপক প্ৰত্যাহ্বানৰ। ঘৰ দুৱাৰ হেৰুৱাই নিঠৰুৱা হ’ল সহস্ৰাধিক লোক। মৰিগাঁৱত ইৰিক্সাৰ ওপৰত গছ বাগৰি পৰি মৃত্যু এজন ছাত্ৰৰ। গুৱহাটীৰ মেগজিনতো চলন্ত বাইকৰ ওপৰত গছ পৰি মৃত্যু যুৱকৰ। কামৰূপৰ পলাশবাৰীত গছ বাগৰি মৃত্যু বৃদ্ধাৰ। NHPCৰ গেৰুকামুখৰ বৃহৎ‍ নদীবান্ধত ভূমিস্খলনত মৃত্যু এজন শ্ৰমিকৰ।

কিন্তু ৰিমালৰ প্ৰভাৱত অহা এই বিধ্বংসী ধুমুহাৰ তাণ্ডৱ এতিয়াও সাম কটা নাই। বতৰ বিজ্ঞান বিভাগৰ অনুসৰি আগন্তুক ৩ দিনলৈ অসম তথা উত্তৰ–পূবত অব্যাহত থাকিব ধুমুহা বৰষুণ। পৰিস্থিতি অধিক জটিল হৈ পৰাৰ আশংকা। ৰাজ্যত ঠায়ে ঠায়ে জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট, ৰে’ড এলাৰ্ট। প্ৰৱল বৃষ্টিপাতৰ বাবে বহু ঠাইতে জাৰি কৰা হৈছে ৰে’ড এলাৰ্ট। চিৰাং, গোৱালপাৰা, বাক্সা, ডিমা-হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জত ৰে’ড এলাৰ্ট। ধুবুৰী, দক্ষিণ শালমাৰা, বঙাইগাঁও, বজালী জিলাত অৰেঞ্জ এলাৰ্ট। তামুলপুৰ, বৰপেটা, নলবাৰী, মৰিগাঁৱতো অৰেঞ্জ এলাৰ্ট। অৰেঞ্জ এলাৰ্ট দিয়া হৈছে নগাঁও, হোজাই, পশ্চিম কাৰ্বি-আংলঙতো। বৰাকত বন্ধ কৰা হৈছে ৪৪খন স্থানীয় ৰে’লৰ চলাচল। ইফালে বাতিল কৰা হৈছে কেইবাখনো বিমানৰ চলাচল। বৰঝাৰ বিমানবন্দৰৰ পৰা আইজল যাব লগীয়া দুখন বিমান, আগৰতলা যাব লগীয়া ১ খন বিমান আৰু শিলচৰ যাব লগীয়া ১খন ইণ্ডিগ বিমান বাতিল । অৱশ্যে তাৰ মাজতে আৰম্ভ হৈছে গুৱাহাটীৰ পৰা কলকাতালৈ বিমানসেৱা। বংগোপসাগগৰ বক্ষত উৎ‍পন্ন হোৱা সামুদ্ৰিক ঘূৰ্ণি ‘ৰিমাল’ক লৈ উদ্বিগ্নতা প্ৰকাশ মুখ্যমন্ত্ৰীৰ। সামাজিক মাধ্যম যোগে জৰুৰী কাম নাথাকিলে বাহিৰলৈ নোলাবলৈ ৰাইজলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। সংশ্লিষ্ট কৰ্তৃপক্ষক পৰিস্থিতিৰে মোকাবিলা কৰিবলৈও মুখ্যমন্ত্ৰীৰ নিৰ্দেশ। ঘূৰ্ণি বতাহ ৰিমালৰ ব্যাপক প্ৰভাৱ বৰাক উপত্যকাতো। পুনৰ বন্ধ হৈ পৰিছে বৰাক-ব্ৰহ্মপুত্ৰৰ মাজৰ যোগাযোগ ব্যবস্থা। হাফলং-শিলচৰ পথত ছিগিল পথৰ একাংশ। মেঘালয়ৰ-সোণাপুৰ টানেলৰ সম্মুখত ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছে বৰাক–ব্ৰহ্মপুত্ৰ উপত্যকাৰৰ যাতায়াতৰ মূল পথটো।
ইফালে ধাৰাষাৰ বৰষুণৰ বাবে মধ্য অসম তথা নামনি অসমলৈ সৃষ্টি হৈছে তীব্ৰ ভাবুকি। খুলি দিয়া হ’ল কার্বি-লাংপি জলবিদ্যুৎ প্ৰকল্পৰ ৪ খনকৈ গেট। হুৰাহুৰে নামি আহিছে পানী। ৰেমালৰ বাবে উফন্দি উঠিছে জলবিদ্যুৎ প্রকল্পটো। নৈ-পৰীয়া ৰাইজক সতৰ্ক হৈ থকাৰ বাবে এলার্ট জাৰি। ভূটানৰ কুৰিশ্বু বান্ধো ওফন্দি উঠিছে বৰষুণৰ ফলত। কুৰিশ্বু বান্ধৰ পানী এৰি দায়িৰ ফলত নামনিৰ অসমলৈ জাৰি কৰা হৈছে এলাৰ্টি। উল্লেখযোগ্য যে, ৰিমালৰ শক্তি ক্ষয় হ’লেও তাৰ প্ৰভাৱত অসমত আগন্তুক ৩ দিনলৈ অব্যাহত থাকিব মজলীয়াৰ পৰা প্ৰচণ্ড বৰষুণ। সমান্তৰালকৈ প্ৰান্তে প্ৰান্তে ঘণ্টাত ৪০–৫০ কিলোমিটাৰ বেগত বলিব বতাহ। গতিকে এই সময়ছোৱাত সকলোকে সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে সংশ্লিষ্ট কৰ্তৃপক্ষই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...