হঠাতে চেনি খোৱা বন্ধ কৰিলে শৰীৰত কি কি সমস্যা হ’ব পাৰে?

চেনি নোখোৱাটো সদায় স্বাস্থ্যৰ বাবে ভাল। কিন্তু হঠাৎ চেনি খোৱা বন্ধ কৰাটো উচিত জানো? শৰীৰত কি কি অসুবিধা হ’ব পাৰে? যদি আপোনাৰ চেনি খোৱাৰ অভ্যাস আছে আৰু হঠাৎ চেনি খোৱা বন্ধ কৰে, তেন্তে শৰীৰত কেইবাটাও সমস্যা হ’ব পাৰে। সেয়েহে, যিসকলৰ চেনি খোৱাৰ অভ্যাস আছে, তেওঁলোকে চেনি এৰিবলৈ বিচাৰিলে লাহে লাহে কমাব লাগিব। আপোনাৰ শৰীৰ কম চেনিৰ সৈতে খাপ খাই গ’লে, তাৰ পিছত লাহে লাহে চেনি খোৱা সম্পূৰ্ণৰূপে বন্ধ কৰিব পাৰে।

চেনি খোৱা কেনেকৈ কমাব যাতে শৰীৰত সমস্যা নহয়, জানি লওক কিছু সহজ নিয়ম:

চেনি খোৱা বন্ধ কৰিবলৈ বিচাৰিলে প্ৰথমে লাহে লাহে চেনিৰ পৰিমাণ কমাব লাগিব। হঠাৎ চেনি খোৱা বন্ধ কৰিলে শৰীৰত বহু অসুবিধা হ’ব পাৰে। মনৰ ভাৱ খিংকিঙীয়া হৈ থাকিব পাৰে। গতিকে প্ৰথমে চেনিৰ পৰিমাণ কমোৱাটো জৰুৰী। তাৰ পিছত ক্ৰমশঃ চেনি বন্ধৰ দিশে আগবাঢ়িলে শৰীৰৰ স্বাস্থ্যৰ বাবে ভাল।

হঠাৎ চেনি খোৱা সম্পূৰ্ণৰূপে বন্ধ কৰিলে শৰীৰত অস্বাভাৱিক ক্লান্তি অনুভৱ হ’ব পাৰে। চেনি খাই থাকোতে হঠাৎ এদিন সম্পূৰ্ণ বন্ধ কৰিলে শৰীৰত ইয়াৰ প্ৰভাৱ পৰে। অস্বাভাৱিক দুৰ্বলতা অনুভৱ হ’ব পাৰে। কাৰণ মিঠা বা চেনিয়ে আমাৰ শক্তিৰ যোগান ধৰে। গতিকে চেনি সম্পূৰ্ণ এৰিলেও বিকল্প হিচাপে কিবা খাব লাগিব। নহ’লে হঠাৎ চেনিৰ মাত্ৰা শৰীৰত কমি গৈ অন্য শাৰীৰিক সমস্যা হ’ব পাৰে। সেয়েহে প্ৰথমৰ পৰা সাৱধান হোৱাটো জৰুৰী।

এই কথা সঁচা যে চেনিৰ পৰিমাণ কমোৱা আৰু যদি সম্ভৱ হয় সম্পূৰ্ণৰূপে এৰাটোৱেই শৰীৰৰ স্বাস্থ্যৰ বাবে ভাল। সকলোতকৈ আগতে চাহত চেনিৰ পৰিমাণ কমাব লাগিব। তাৰ পিছত লাহে লাহে বন্ধ কৰিব লাগিব। কেৱল চাহেই নহয়, চৰবত, কফি, অন্য পানীয়, ফলৰ ৰস আদিতো চেনি নিদিয়াকৈ খোৱাৰ চেষ্টা কৰক। আৰু যিবোৰ খাদ্যত অতিৰিক্ত চেনি থাকে, যেনে— কেক, পেষ্ট্ৰি, বিস্কুট, বেকাৰীৰ সামগ্ৰী, এইবোৰ যিমান পাৰি কম খাওক, আপোনাৰ স্বাস্থ্য ভাল থাকিব।

এই লেখাত উল্লেখ কৰা পদ্ধতি কেৱল পৰামৰ্শৰ বাবেহে। এইবোৰ পালন কৰাৰ আগতে প্ৰয়োজন অনুসৰি বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ ল’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...

ভাৰত-চীন সীমা সমস্যা সমাধানৰ লক্ষ্যৰে বেইজিং ভ্ৰমণ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ

ভাৰত-চীন সীমা বিবাদ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰিবলৈ...