জিৰাত থকা আচৰিত পুষ্টিগুণবোৰৰ বিষয়ে জানেনে?

মচলা আৰু বনৌষধিয়ে কেৱল খাদ্যত সোৱাদ যোগ নকৰে, ইয়াৰ ওপৰিও সেইবোৰে স্বাস্থ্যৰ ক্ষেত্ৰত অসংখ্য লাভালাভও আনি দিয়ে। ওজন হ্ৰাস কৰাৰ পৰা হজমৰ সমস্যা দূৰ কৰালৈকে, পাকঘৰৰ বহুতো মচলাই সামগ্ৰিক স্বাস্থ্য বজাই ৰখাত সহায় কৰিব পাৰে। জিৰা হৈছে এনে এক উপাদান। পুষ্টিবিদসকলৰ মতে, জিৰাৰ সৈতে পানী খোৱাৰ একাধিক লাভালাভ আছে। যদি আপুনি প্ৰতিদিনে ৰাতিপুৱা জিৰা পানী খায়, ই স্বাস্থ্যকৰ হয়। হজম বৃদ্ধি কৰে, বিভিন্ন প্ৰকাৰৰ পেটৰ সমস্যা হ্ৰাস কৰে আৰু ওজন হ্ৰাস কৰাত সহায় কৰে। তদুপৰি জিৰা তিয়াই থোৱা পানীৰ গুণাগুণসমূহ হৈছে- ই কম কেলৰিযুক্ত, হজম কৰাত সহায় কৰে, শৰীৰৰ বিপাকৰ হাৰ বৃদ্ধি কৰে, শৰীৰক বিভিন্ন বিষাক্ত পদাৰ্থৰ পৰা সুৰক্ষিত কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। তাৰ বাবে আপুনি অলপ জিৰা গুটি একাপ পানীত কিছুসময়ৰ বাবে তিয়াই ৰাখিব পাৰে। পৰাপক্ষত গৰম পানী ব্যৱহাৰ কৰিব। দীঘলীয়া সময় তিয়াই ৰখাৰ পিছত, জিৰা ফুলি উঠে আৰু জৈৱসক্ৰিয় সামগ্ৰী মুকলি কৰে, যি পানীত মিহলি হয়। এইবাৰ যেতিয়া পানী অলপ ঠাণ্ডা হয়, সেই পানী সেৱন কৰিব। দেখিব পেটৰ বহু সমস্যাৰ পৰা আপুনি মুক্তি পাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...