আজি IPLৰ মহাৰণত CSK vs MI

ক’ভিড–১৯ৰ ভয়াৱহ পৰিস্থিতিৰ বাবে স্থগিত ৰখা ২০২১ৰ আই পি এল আজিৰে পৰা পুনৰ আৰম্ভ হ’ব। ইউনাইটেড আৰব এমিৰেটছত পুনৰ আৰম্ভ হ’বলগীয়া মেগা ইভেণ্টখনৰ দ্বিতীয় লীগৰ প্রথমখন মেচত প্রাক্তন চেম্পিয়ন মুম্বাই ইণ্ডিয়ান আৰু চেন্নাই ছুপাৰ কিংছে সন্মুখ সমৰত নামিব। ৭খন মেচৰ মাত্র তিনিখনত জয় সাব্যস্ত কৰা ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে স্বাভাৱিক ছন্দলৈ উভতি অহাৰ লক্ষ্যৰে আজিৰে নিশা খেলপথাৰত নামিব।

ইফালে, বিগত বর্ষৰ আই পি এলৰ ব্যর্থতা পাহৰি এইবাৰ স্বাভাৱিক ছন্দলৈ উভতি অহা চেন্নাই ছুপাৰ কিংছে ইউ এ ইতো সুন্দৰ প্রদর্শনৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে খেলপথাৰত নামিব। উদীয়মান তাৰকা ৰিতুৰাজ গাইকোৱাড, ছেম কৰণে চমকপ্রদ প্রদর্শনেৰে চি এছ কেৰ আত্মবিশ্বাস বৃদ্ধি কৰিছিল। ইমৰান তাহিৰ, মঈন আলী আৰু ৰবিন্দ্র জাদেজায়ো অনুৰাগীৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। দ্বিতীয় লীগত চেন্নাই ছুপাৰ কিংছে অধিনায়ক মহেন্দ্র সিং ধোনী আৰু তাৰকা বেটছমেন সুৰেশ ৰাইনাৰ চমকপ্রদ বেটিং আশা কৰিছে।

মন কৰিবলগীয়া যে ইউ এ ইত অনুষ্ঠিত হ’বলগীয়া আই পি এলৰ দ্বিতীয় লেগত মুঠ ৩১খন মেচ খেলোৱা হ’ব। অহা মাহৰ পৰা আৰম্ভ হ’বলগীয়া টি–২০ বিশ্বকাপৰ প্রতি লক্ষ্য ৰাখি বিশ্বৰ প্রতিগৰাকী খেলুৱৈৰ বাবে এইবাৰৰ আই পি এল গুৰুত্বপূর্ণ বিবেচিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...