চেন্নাই ছুপাৰ কিংছলৈ যাব নেকি ৰোহিত শৰ্মা, সূৰ্য কুমাৰ যাদৱ?

মুম্বাই ইণ্ডিয়ানছে অধিনায়ক ৰোহিত শৰ্মাৰ ঠাইত হাৰ্দিক পাণ্ডিয়াক দায়িত্বভাৰ দিয়াৰ পিছৰে পৰা ছ’চিয়েল মিডিয়াত যথেষ্ট প্ৰশ্ন উত্থাপন হৈছে। আনকি কেইবাটাও ফ্ৰেঞ্চাইজিয়ে ৰোহিত শৰ্মাক ক্ৰয় কৰিবলৈ সোধা-পোছা কৰাৰ খবৰো ওলাইছে। কেৱল ৰোহিতেই নহয়, সূৰ্যকুমাৰ যাদৱ আৰু জস্প্ৰীত বুমৰাহৰ দৰে কেইবাজনো খেলুৱৈৰ নামো এই চৰ্চাত অন্তৰ্ভুক্ত হৈছে। চেন্নাই ছুপাৰ কিংছে এই তাৰকা খেলুৱৈসকলক ক্ৰয় কৰিবলৈ আগ্ৰহী বুলিও এক সুত্ৰত প্ৰকাশ পাইছে। কিন্তু, চেন্নাই ছুপাৰ কিংছৰ মুখ্য কাৰ্যবাহী বিষয়া কাছি বিশ্বনাথনে মুম্বাই ইণ্ডিয়ানছৰ সৈতে তেনেধৰণৰ কোনো কথা হোৱা নাই বুলি মত প্ৰকাশ কৰিছে।

বিশ্বনাথনে কয় যে, এজন খেলুৱৈক তেনেকৈ দললৈ অনাটো ‘নীতি’ বিৰুদ্ধ। বিশ্বনাথনে কয় যে, “আমি নীতিৰ বিৰুদ্ধে গৈ খেলুৱৈৰ ব্যৱসায় নকৰো আৰু মুম্বাই ইণ্ডিয়ানছৰ সৈতে ব্যৱসায় কৰিবলৈও আমাৰ খেলুৱৈ নাই। এই সন্দৰ্ভত আমি তেওঁলোকৰ কাষ চপা নাই আৰু আমাৰ তেনে কোনো লক্ষ্যও নাই।”

নিলামৰ সময়ত মুম্বাই ইণ্ডিয়ানছৰ গ্ল’বেল হেড অৱ ক্ৰিকেট মহেলা জয়ৱৰ্ধনেক ৰোহিতৰ অধিনায়কৰ দায়িত্ব কাঢ়ি লোৱাৰ সিদ্ধান্তৰ বিষয়ে সোধা হৈছিল। তেওঁ কয় যে, এই সিদ্ধান্ত বহু কথা চিন্তা কৰিহে লোৱা হৈছে। তেওঁ আশা ব্যক্ত কৰি কয় যে, হিটমেনে এই পৰিৱৰ্তনৰ সময়ছোৱাত তেওঁৰ উত্তৰাধিকাৰী হাৰ্দিকক পথ প্ৰদৰ্শক হিচাপে সহায় কৰিব।

“পৰৱৰ্তী প্ৰজন্মক পথ প্ৰদৰ্শন কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মই ৰোহিতৰ সৈতে অতি ঘনিষ্ঠভাৱে কাম কৰিছো। তেওঁ এজন সুদক্ষ অধিনায়ক। মুম্বাইত পূৰ্বেও শচীন তেণ্ডুলকাৰেও নতুন প্ৰজন্মৰ খেলুৱৈৰ সৈতে খেলিছিল। শচীনেও নেতৃত্ব আন কাৰোবাক দি মুম্বাই ইণ্ডিয়ানছক সঠিক দিশত আগবাঢ়ি যোৱাত সহযোগ কৰিছিল। এতিয়াও আমাৰ লক্ষ্য সেইটোৱেই যাতে নতুন প্ৰজন্মৰ ক্ৰিকেটাৰসকলক ৰোহিত শৰ্মাই পথ প্ৰদৰ্শন কৰিব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...