গুৱাহাটী মহানগৰীত অকল্পনীয় হাৰত বৃদ্ধি অপৰাধ

সকলোকে উদ্বিগ্ন কৰি তোলা এটা খবৰ। অচল হৈ পৰিছে নেকি আৰক্ষী। অসহায় হৈ পৰিছে জনতা। গুৱাহাটী মহানগৰীত অকল্পনীয় হাৰত বৃদ্ধি পাইছে অপৰাধ। বিগত এটা সপ্তাহত ১৫ টাকৈ চেইন কাঢ়ি নিয়াৰ ঘটনা সংঘটিত হৈছে মহানগৰী গুৱাহাটীত। গুৱাহাটীৰ কেৱল এটা অংশৰে বিস্ফোৰক তথ্য এয়া। জনহিতাৰ্থে জনসেৱাৰ্থে। অসম আৰক্ষীৰ এয়া মূলমন্ত্ৰ। কিন্তু মূল মন্ত্ৰ পাহৰি আৰক্ষী কিহত ব্যস্ত সেয়া একমাত্ৰ আৰক্ষীয়েহে জানে। অপৰাধীৰ টিঘিলঘিলনিত একপ্ৰকাৰ অস্তিত্বহীন হৈ পৰিছে মহানগৰ আৰক্ষী। য’তে ত’তে যেতিয়াই তেতিয়াই অপৰাধ সংঘটিত কৰি নিৰ্বিঘ্নে আঁতৰি গৈছে অপৰাধী। বহু অপৰাধ কাণ্ডৰ দৃশ্য বন্দী হৈছে CC কেমেৰাত। সেই CC কেমেৰাৰ দৃশ্য চাই হাত সাৱটি বহি ৰৈছে মহানগৰ আৰক্ষী। ৯৯% ঘটনাৰ বলি হৈছে মহানগৰীৰ মহিলা। অপৰাধীৰ সহজ টাৰ্গেট হৈছে খোজকাঢ়ি যোৱা বৃদ্ধা। সাধাৰণ ৰাইজক নিৰাপত্তা দিয়াত চূড়ান্তভাৱে ব্যৰ্থ হৈছে তথাকথিত শক্তিশালী মহানগৰ আৰক্ষী। অপৰাধ নিয়ন্ত্ৰণৰ বাবেই আৰক্ষী ব্যৱস্থাৰ আয়ুক্তকৰণ কৰা হৈছিল গুৱাহাটীত। গোচৰ নিস্পত্তিৰ পৰা আৰম্ভ কৰি অপৰাধীক কৰায়ত্ত কৰাত সুবিধা হোৱাকৈ তিনিখন আৰক্ষী জিলা হিচাপে ভগাই দিয়া হৈছিল বৃহত্তৰ গুৱাহাটী মহানগৰীক। পূৱ গুৱাহাটী আৰক্ষী জিলা, পশ্চিম গুৱাহাটী আৰক্ষী জিলা আৰু মধ্য গুৱাহাটী আৰক্ষী জিলাত। পূৰ্বে মাত্ৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ দ্বাৰা পৰিচালিত গুৱাহাটীৰ তিনি আৰক্ষী জিলাত এতিয়া থাকে তিনিজনকৈ আৰক্ষী অধীক্ষক। সমান্তৰালকৈ সমগ্ৰ গুৱাহাটী মহানগৰীত প্ৰায় ৩ গুণলৈ বৃদ্ধি কৰা হৈছে আৰক্ষী বল। তাৰ পাছতো সুৰক্ষিত নহয় মহানগৰীৰ মানুহ আৰু মানুহৰ সম্পত্তি।

ভয়লগা ঘটনা। বাইকত আহি দুৰ্বৃত্তই বিনা দ্বিধাই কাঢ়ি নিছে মহিলাৰ ডিঙিৰ চেইন। এসপ্তাহত ১৫টাকৈ ঘটনা কেৱল পূৱ গুৱাহাটী আৰক্ষী জিলাত। কেৱল চেইন কাঢ়ি নিয়াই নহয়। হত্যা, চুৰি, ডকাইতি, নিৰ্যাতনৰ ঘটনাও বৃদ্ধি পাইছে গুৱাহাটীত। মহিলাসকল সাৱধান হওক। বাইকত অহা চোৰে যিকোনো মুহূৰ্তত আপোনাৰ ডিঙিৰ পৰা থপিয়াই লৈ যাব পাৰে চেইন। আপুনি ধৰিবই নোৱাৰিব। ব্যস্ত মহানগৰীৰ কোনোবা এটা গলিৰে হঠাতে নোহোৱা হৈ যাব দুৰ্বৃত্ত। ধাৰাবাহিকভাবে মহানগৰীত চেইন চুৰিৰ ঘটনা ঘটিছে। ইখনৰ পাছত সিখন থানাত ৰুজু হৈছে গোচৰ। মূলত দিছপুৰ, হাতীগাওঁ আৰু বশিষ্ঠ অঞ্চলত অধিক হাৰত বৃদ্ধি পাইছে এই ঘটনা।

আৰক্ষীৰ চকুত ধূলি দি সঘনাই এই কাণ্ড সংঘটিত কৰি গৈছে একাংশ দূৰ্বৃত্তই। বাইকেৰে অহা দুজনীয়া দুৰ্বৃত্তই সংঘটিত কৰি আহিছে এই কাণ্ড৷ এই ঘটনাৰ ভুক্তভোগী মহিলাসকলে ইতিমধ্যে গোচৰ ৰুজু কৰিছে স্থানীয় আৰক্ষী থানাত৷ গুৱাহাটীৰ জয়ানগৰতো এটা চাঞ্চল্যকৰ ঘটনা। মঙলবাৰে দুজনকৈ যুৱকক হত্যাৰ চেষ্টা চলাইছিল এজন লোকে৷ সেই ঘটনাৰ অভিযুক্ত হিৰণ্য কলিতাক গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে৷ চোকা অস্ত্ৰৰে হিৰণ্যই আক্ৰমণ কৰি আহত কৰিছিল যুৱকদ্বয়ক৷ আহত দুয়োজন অঞ্জনী মোবাইল ষ্টোৰৰ স্বত্বাধিকাৰী বিতু পদ্দাৰ আৰু আলোক পদ্দাৰ৷ S&F জীমৰ স্বত্বাধিকাৰী হিৰণ্য কলিতা আৰু হেমেন কলিতা জড়িত আছিল ঘটনাত৷ জাবৰ পেলোৱাক কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত হৈছিল দুয়োটা ফৈদৰ৷ পাছত সামান্য কাজিয়াই লৈছিল ভয়ংকৰ ৰূপ৷ ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছিল দিছপুৰ আৰক্ষীয়ে৷ এতিয়াও ঘটনাত জড়িত হেমেন কলিতা জালত পৰা নাই আৰক্ষীৰ৷

ইপিনে মহানগৰীৰ চানমাৰিত ঘটিল কিশোৰী নিৰ্যাতনৰ ঘটনা। চানমাৰীত পানীৰ গাড়ী চালকৰ নিৰ্যাতনৰ বলি এগৰাকী কিশোৰী। পানী দিবলৈ যোৱাৰ সময়ত ঘৰত কোনো নথকাৰ সুযোগত কিশোৰীক চলালে নিৰ্যাতন।
ঘটনা সন্দৰ্ভত চানমাৰী থানাত ১২৬/২৪ নম্বৰত গোচৰ ৰুজু কৰিছে কিশোৰীৰ পৰিয়ালে। সেই গোচৰৰ ভিত্তিত চানমাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰমেন হালৈ নামৰ গাড়ী চালকজনক । এনেকৈ ইটোৰ পাছত সিটো অপৰাধজনিত ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত। ইয়াকে লৈ এতিয়া শংকিত হৈ পৰিছে জনতা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিদেশী বিনিয়োগ বিচাৰি বিহুৰ পিছতে বিদেশলৈ যাব মুখ্যমন্ত্ৰী

বিদেশী বিনিয়োগ বিচাৰি বিহুৰ পিছতে বিদেশলৈ যাব মুখ্যমন্ত্ৰী। দুটা...

অসমত প্ৰথমজন HMPVত আক্ৰান্ত চিনাক্ত

অসমত প্ৰথমজন HMPVত আক্ৰান্ত চিনাক্ত। ১০ মহীয়া শিশুৰ শৰীৰত...

২৬ বছৰতে শেষ হৈ গ’ল জীৱন, কিয় নিজকে শেষ কৰি পেলালে পৃথিৱীয়ে?

নিজকে শেষ কৰি পেলালে। খাকী পোচাকধাৰীয়ে বিচাৰি নাপালে...

ভেটাপাৰাত মহিলাক আক্ৰমণ কৰা যুৱকক এনকাউণ্টাৰ

ভেটাপাৰাত মহিলাক আক্ৰমণকাৰীক আৰক্ষীৰ এনকাউণ্টাৰ। এনকাউণ্টাৰত গুলীবিদ্ধ অভিযুক্ত আজুল...