গৰু চোৰে টোপনি হৰিছে মৰিগাঁৱৰ জনতাৰ

মৰিগাঁওবাসীৰ নিদ্ৰা হৰিছে গৰু চোৰে। চাৰিচকীয়া বাহনেৰে কুমৈত প্ৰৱেশ কৰিলে চোৰৰ এটা দলে। প্ৰথমে দুটা গৰু গাড়ীত ভৰালে। তৃতীয়টো খুলি থাকোঁতেই সাৰ পালে গৃহস্থই। বাহন পলাল। ৰৈ গ’ল এটা চোৰ। সেই চোৰটোক উত্তম-মধ্যম শোধালে ৰাইজে। লেবেজান হৈ পৰা চোৰৰ চিকিৎসালয়ত মৃত্যু। আৰক্ষীৰ সৈতে তৰ্কাতৰ্কি উত্তেজিত ৰাইজৰ।

গৰু চোৰে টোপনি হৰিছে মৰিগাঁৱৰ জনতাৰ
কুমৈত গণপ্ৰহাৰৰ বলি হোৱা চোৰৰ চিকিৎসালয়ত মৃত্যু
গৰু ঘূৰাই লাগে
আৰক্ষীৰে তৰ্কাতৰ্কি উত্তেজিত লোকৰ

মৰিগাঁৱৰ কুমৈত পুৱতি নিশা ৪ মান বজাত প্ৰৱেশ কৰিলে চোৰে। চোৰৰ দলটো আহিছিল চাৰিচকীয়া বাহনত। দুটা গৰু গাড়ীত তুলি তৃতীয়টো গোঁহালিৰ পৰা পঘা খুলি থাকোঁতেই সাৰ পালে গৃহস্থ। লগে-লগে বাহন লৈ পলায়ন। ৰৈ গ’ল এটা চোৰ। জিতু দাস নামৰ চোৰটোক কৰায়ত্ত কৰিলে ৰাইজে।

তাৰ পাছতেই ৰাইজে উত্তম-মধ্যম শোধালে চোৰক। মুমূৰ্ষু অৱস্থাত চোৰটোক উদ্ধাৰ কৰিলে আৰক্ষীয়ে। ভৰ্তি কৰোৱালে চিকিৎসলায়ত। কিন্তু ইতিমধ্যে ৰাইজৰ প্ৰহাৰত লেবেজান হৈ পৰা চোৰৰ মৃত্যু হয় চিকিত্‍সালয়ত।

গৰু চুৰি কুমৈত এদিনৰ ঘটনা নহয়। প্ৰায়ে খাটীখোৱা লোকৰ গোঁহালিৰ গৰু টাৰ্গেট কৰে চোৰে। অভিযোগ দিয়াৰ পাছতো আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। নিশা ৰাইজৰ প্ৰহাৰত মৃত্যু হোৱা চোৰটোৰ ঘৰ কাৰ্বি আংলঙত বুলি জানিব পৰা গৈছে। কিন্তু বাকীকেইটা চোৰ পলাল। আৰক্ষীয়ে উলিয়াই দিব লাগে গৰু। দাবী এওঁলোকৰ।

মৰিগাঁৱত সঘনে সংঘটিত হৈছে গৰু চুৰিৰ ঘটনা। কিছুদিন পূৰ্বে ৰহাৰ সমীপত ৰাইজৰ প্ৰহাৰত প্ৰাণ গৈছিল আৰু এটা চোৰৰ। তাৰ পাছতেই সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি। কিন্তু মৰিগাঁৱত কমা নাই চোৰৰ অতপালি। অতিষ্ঠ জনতাই মৰিয়াই হত্যা কৰিলে চোৰক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিবাহযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত ৬

শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰিছে উত্তৰ প্ৰদেশৰ হাপুৰ। বিবাহযাত্ৰীৰ বাছ...

৩ খন সফল আই পি এল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এ চি এৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ তিনিখন খেলৰ সফল...

গুৱাহাটীত অষ্টম পুৰুষ-মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপ

দেশৰ ৩৩ খন ৰাজ্যৰ প্ৰায় আঠশ খেলুৱৈ, প্ৰশিক্ষক, কাৰিকৰী...