চাবোনৰ বাকচত পতি-পত্নীয়ে সৰবৰাহ কৰিছিল ড্ৰাগছ, জব্দ ৫০ হাজাৰ টকাৰ ড্ৰাগছ

ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে আৰক্ষী-প্ৰশাসনৰ ৷ গোপন সূত্ৰৰ পম খেদি এইবাৰ হোজাই জিলাত চলিল অভিযান। ডবকা চহৰৰ ১নং ৱাৰ্ডত ডবকা আৰক্ষী আৰু হোজাই জিলা আৰক্ষীৰ ক্ৰাইম ব্ৰান্সৰ অভিযান ৷ অভিযানত তিনিটা চাবোনৰ বাকচত ৮৮ গ্ৰাম হেৰইন জব্দ ৷ লগতে এহাল দম্পতীক আটক ৷ ধৃত লোক দুজন ফাৰুক হুছেইন আৰু আছিয়া বেগম ৷ দুয়োৰে ঘৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত হালধীআটীত ৷ জব্দ কৰা হেৰইনখিনিৰ অনুমানিক বজাৰ মূল্য ৫০ হাজাৰ টকা বুলি জানিব পৰা গৈছে ৷ ড্ৰাগছখিনি কৰপৰা কাক বিক্ৰী কৰিবলৈ আনিছিল সেই সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে। সম্প্ৰতি দুয়োকে ডবকা থানাত আৰু অধিক তথ্যৰ বাবে মাৰাথান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...