দেশ ৰাজনৈতিকভাৱে সুৰক্ষিত, এতিয়া সময় হৈছে অর্থনৈতিকভাৱে সুৰক্ষিত হোৱাৰ: মুখ্যমন্ত্রী

শ্বহীদ কনকলতা বৰুৱাৰ ১০০ বছৰীয়া জয়ন্তী উপলক্ষে আজি গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তথা বিশ্বনাথ জিলা প্ৰশাসনৰ সহযোগত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অংশগ্রহণ কৰে।

অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে জাতিৰ পিতা মহাত্মা গান্ধীৰ কৰিম অথবা মৰিম বাণীৰে উদ্বুদ্ধ হৈ ‘৪২ ৰ গণ আন্দোলনত ভাৰত মাতৃৰ হকে চৰম ত্যাগ কৰি শহীদ কলকলতা বৰুৱাই দেশপ্ৰেমৰ অনন্যোপম নিদর্শন দেখুৱাই গৈছে। অবিভক্ত দৰং জিলাৰ অংশ হিচাপে গহপুৰবাসীয়ে ব্রিটিছ শাসন ওফৰাই দেশত স্বৰাজ প্রতিষ্ঠাৰ হকে স্বাধীনতা আন্দোলনত সক্রিয়ভারে জড়িত হৈ বহু ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বীৰাঙ্গনা কনকলতাৰ অদম্য সাহস আৰু স্বদেশপ্ৰেমৰ বীৰ গাঁথাই সকলোকে দেশমাতৃৰ প্ৰতি সেৱা আগবঢ়াই যাবলৈ অনুপ্ৰেৰণা যোগাব। তেওঁ কয় যে সাত বছৰ বয়সতে কনকলতাই দেশমাতৃৰ আহ্বান শুনিছিল। মুখ্যমন্ত্রীয়ে লগতে কয় যে ইংৰাজৰ অত্যাচাৰ, ভাৰতৰ স্বাধীনতা সংগ্রাম, মহাত্মা গান্ধী, আইন অমান্য আন্দোলন, দাণ্ডি যাত্রা আদিৰ কথাই শিশু কনকলতাৰ মন স্বদেশপ্রেমেৰে উজ্জীৱিত কৰিছিল।

কনকলতাৰ ভাতৃ কালীচৰণ বৰুৱাই শহীদ গৰাকীৰ ১০০ বছৰীয়া জয়ন্তী উদ্যাপন কৰাৰ বাবে তেওঁলৈ পত্র লিখাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ইয়াৰ পিছত সাংস্কৃতিক বিভাগক ১০০ বছৰীয়া জয়ন্তী পালনৰ দায়িত্ব অর্পণ কৰা হৈছিল। ৰাজ্য চৰকাৰে সম্পূৰ্ণ এটা বর্ষ শহীদ গৰাকীৰ জয়ন্তী পালন কৰিব বুলিও তেওঁ মন্তব্য কৰে। এই জন্ম জয়ন্তী সময়ছোৱাতে শ্বহীদ কনকলতা বিশ্ববিদ্যালয়ৰ কাম আৰম্ভ কৰাৰ লগতে শ্বহীদ কনকলতা বৰুৱাৰ সমগ্র বাসভবন সংৰক্ষণকে ধৰি বৰঙাবাৰী অঞ্চলত ৩০ কোটি টকা ব্যয় সাপেক্ষে এটা স্মাৰক নিৰ্মাণৰ বাবেও সিদ্ধান্ত গ্রহণ কৰা হৈছে বুলি তেওঁ কয়। মুখ্যমন্ত্রীয়ে লগতে কয় যে কালীচৰণ বৰুৱাই তেওঁৰ বাসভবনটি শহীদ কনকলতা বৰুৱাৰ স্মৃতি সংৰক্ষণ কৰিবলৈ অসম চৰকাৰক আগবঢ়াবলৈ সিদ্ধান্ত লৈছে। ইয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে কালীচৰণ বৰুৱাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে ‘৪২ ৰ গণ আন্দোলন ভাৰতৰ স্বাধীনতা ইতিহাসৰ এক মাইলৰ খুঁটি। দেশবাসীৰ লগতে অসমবাসীয়েও ব্রিটিছ শাসন ওফৰাবলৈ ‘৪২ ৰ গণ বিপ্লৱত জঁপিয়াই পৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ভাৰত ত্যাগ আন্দোলনত অভিভক্ত দৰং জিলাত সংগঠনৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল পুষ্পলতা দাস আৰু জ্যোতিপ্ৰসাদ আগৰৱালাই। সত্যাগ্রহীসকলক মৃত্যু বাহিনী আৰু শান্তি বাহিনী নামেৰে দুটা ভাগত বিভক্ত কৰিছিল আৰু শহীদ কনকলতাই মৃত্যু বাহিনীত যোগদান কৰিছিল। কনকলতা বৰুৱাই গহপুৰত পতাকা উত্তোলনৰ বাবে নেতৃত্ব বহন কৰে। সশস্ত্র বাহিনীৰ গুলিত কনকলতা বাগৰি পৰে আৰু ইয়াৰ পিছত মুকুন্দ কাকতিয়ে পতাকাখন তুলি লোৱাত তেওঁ মৃত্যু মুখত পৰিবলগীয়া হয়।

‘৪২ ৰ গণ বিপ্লৱত বহু তেজাল অসমীয়াই দেশমাতৃৰ হকে আত্ম বলিদান দিয়াৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে স্বাধীনতা আন্দোলনত চৰম ত্যাগেৰে মহিয়সী কনকলতাই দেখুৱাই গৈছে যে অসমৰ নাৰীসকল কোনো ক্ষেত্ৰতে পিছপৰা নহয়। তেওঁ লগতে কয় যে পদে পদে অসমীয়া জাতিৰ ইতিহাসৰ সৈতে নাৰীৰ বীৰত্ব আৰু ত্যাগৰ গাঁথা জড়িত হৈ আছে। অসমীয়া নাৰীয়ে পুৰুষৰ সমানে ৰাজকার্য চলাইছিল, ৰণাংগণলৈ গৈছিল, সমাজ গঠনত বিশিষ্ট ভূমিকা গ্রহণ কৰিছিল বুলিও মুখ্যমন্ত্রীয়ে কয়। তেওঁ কয় যে অসহযোগ আন্দোলনে অসমত মহিলা জাগৰণক আগুৱাই নিছিল। গান্ধীজীয়ে অসমৰ পৰা ঘূৰি যোৱাৰ পিছত হেমন্ত কুমাৰী দেবী, নলিনীবালা দেবী, বিজুতি ফুকন, স্মৃতা ভট্টাচার্য, কৃষ্ণমায়া আগৰৱালা, স্নেহলতা দেৱী বৰুৱা, চন্দ্রপ্রভা শইকীয়ানী প্রমুখ্যে এচাম মহিলাই আন্দোলনত অংশগ্রহণ কৰিবলৈ ঘৰৰ পৰা ওলাই আহিছিল আৰু ৰাজ্যৰ গাঁৱে-ভুঞে অসহযোগৰ বাণী প্ৰচাৰ কৰিছিল বুলি তেওঁ কয়।

মুখ্যমন্ত্রীয়ে কয় যে দেশে আজি স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আহ্বানত অসমৰ প্ৰতিখন গাঁৱৰ ৰাইজে অমৃত কলহ যাত্রাত অংশগ্রহণ কৰি স্বাধীনতা সংগ্ৰামৰ মহান মূল্যবোধক সোঁৱৰণ কৰিছিল বুলি মন্তব্য কৰি তেওঁ কয় যে প্রধানমন্ত্রীয়ে অমৃত মহোৎসৱৰ পিছত অমৃত কালৰ বাবে আহ্বান জনাইছে। মুখ্যমন্ত্রীয়ে কয় যে স্বাধীনতাৰ ১০০ বছৰৰ ভিতৰত ভাৰতক এখন আত্মনিৰ্ভৰশীল ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব বিচৰা হৈছে। ঔপনিৱেশ শাসকৰ আইনসমূহ সংসদত বাতিল কৰি প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে ভাৰতবৰ্ষক ন্যায়সংহিতা প্রদান কৰিছে। প্রধানমন্ত্রীয়ে বিশ্বাস কৰে যে পৰাধীনতাৰ প্ৰতিটো স্তম্ভকে পৰিৱৰ্তন কৰি এখন আত্মনিৰ্ভৰশীল ভাৰতবৰ্ষৰ কল্পনা অমৃত কালতে ৰূপায়ণ কৰিব লাগিব। তেওঁ কয় যে অর্থনৈতিক আত্মনিৰ্ভৰশীলতাৰ নতুন বুৰঞ্জী আৰম্ভ কৰিব লাগিব। শ্বহীদ কনকলতা বৰুৱাই ৰাজনৈতিকভাৱে দেশখনক স্বাধীন কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অর্থনৈতিকভারে আজিও ৰাষ্ট্র অথবা আমাৰ ৰাজ্যখনে পৰাধীনতাৰ শিকলি পিন্ধি থাকিবলগীয়া হৈছে। আজিও ৰাজ্যখনে বাহিৰৰ পৰা অহা বয়-বস্তুৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিবলগীয়া হৈছে। তেওঁ মন্তব্য কৰি কয় যে খেতিপথাৰত শষ্য উৎপাদন কৰি আমি প্রতিবাদ সাব্যস্ত নকৰো। পথত আন্দোলন কৰাৰ পৰিৱৰ্তে আত্মনিৰ্ভৰশীল আন্দোলনৰ জৰিয়তে আত্মনির্ভৰশীল ৰাষ্ট্র গঠন কৰিব লাগিব বুলিও তেওঁ কয়।

২০১৪ চনৰ পিছত নতুন ভাবত গঢ়াৰ যি পৰিৱেশ নির্মাণ হৈছে তাক আগুৱাই লৈ যাব লাগিব বুলি দোহাৰি তেওঁ কয় যে স্বাধীনতাৰ ৭৫ বছৰ পিচতো ৰাজ্যখনে বাহিৰৰ পৰা সামগ্রী আনিবলগীয়া হৈ আছে। এটা খেতি কৰাৰ পাছত আন এটা খেতি কৰাৰ বাবে আমি আগ্রহী নহয় বুলিও তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্রীয়ে কয় যে মহাত্মা গান্ধীৰ আন্দোলন কেৱল ৰাজনৈতিক নাছিল। গান্ধীজীয়ে স্বদেশী আন্দোলন আৰম্ভ কৰি অৰ্থনৈতিকভাৱে ভাৰতক আত্মনিৰ্ভৰশীল কৰিব বিচাৰিছিল বুলিও তেওঁ কয়। গান্ধীজীৰ স্বাধীনতা আন্দোলনৰ তত্ব আৰু মর্ম উপলব্ধি কৰিব লাগিব বুলিও মুখ্যমন্ত্রীয়ে কয়। যিমান দিনলৈ অর্থনৈতিকভাৱে পৰাধীন হৈ থাকিবলগীয়া হয়, সিমান দিনলৈকে শ্বহীদ কনকলতাৰ আত্মত্যাগে যি স্বাভাৱিক মূল্য পার লাগে সেয়া নাপার বুলিও তেওঁ মন্তব্য কৰে। দেশ এতিয়া ৰাজনৈতিকভাৱে সুৰক্ষিত, কিন্তু এতিয়া সময় হৈছে অর্থনৈতিকভাৱে সুৰক্ষিত হোৱাৰ। অর্থনৈতিকভাবে আত্মনির্ভৰশীলতা গঢ়াৰ বাবে আত্মনিয়োগ কৰিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে কৃষিৰ পৰা তথ্য প্রযুক্তিলৈ আত্মনিৰ্ভৰশীল হোৱাৰ বাবে অসমীয়াই পণ ল’ব লাগিব। শ্বহীদৰ আত্মাই সদায়ে প্ৰেৰণা যোগাই আৰু তেওঁলোকৰ প্ৰেৰণাৰে সমৃদ্ধ হৈ আত্মনিৰ্ভৰশীল ভাৰত আৰু আত্মনিৰ্ভৰশীল অসম গঢ়াৰ সময় সমাগত বুলিও তেওঁ কয়। প্রযুক্তি আৰু পৰম্পৰাৰ আধাৰত এখন নতুন বিশ্ববিদ্যালয় ৰাজ্য চৰকাৰে গহপুৰত নিৰ্মাণ কৰিব বিচাৰিছে আৰু ইয়াৰ বাবে প্রয়োজনীয় ভূমি আগবঢ়াবলৈও মুখ্যমন্ত্ৰীয়ে গহপুৰবাসীক আহ্বান জনায়। মুখ্যমন্ত্রীয়ে কয় যে গহপুৰলৈ পৰিৱৰ্তন আহিবলৈ ধৰিছে। গহপুৰ আৰু গোলাঘাটৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেৰে ১২ হাজাৰ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰিব বিচৰা সুৰঙ্গই গহপুৰৰ সমাজ জীৱনলৈ পৰিৱৰ্তন নমাই আনিব। গহপুৰ এতিয়া আধুনিকতা আৰু নতুন দিনত উপনীত হৈছে বুলিও মুখ্যমন্ত্রীয়ে কয়। গহপুৰৰ প্ৰগতিয়ে ২০২৬ চনৰ আগতে নতুন দিগন্তলৈ গতি কৰিব বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে নতুন দিনৰ বাবে গহপুৰবাসীক প্রস্তুত হোৱাৰ বাবেও আহ্বান জনায়।

ইয়াৰ আগতে মুখ্যমন্ত্ৰীয়ে শ্বহীদ কনকলতা বৰুৱা আৰু শ্বহীদ মুকুন্দ কাকতিৰ প্রতিমূর্তিত পুষ্পাঞ্জলি অর্পণ কৰে। মুখ্যমন্ত্ৰীয়ে শ্বহীদ কনকলতা বৰুৱা আৰু শ্বহীদ মুকুন্দ কাকতিৰ স্মৃতি বিজড়িত গহপুৰ থানালৈও যায়। মুখ্যমন্ত্রীয়ে শ্বহীদ পৰিয়ালৰ সদস্য হিচাপে শ্বহীদ কনকলতা বৰুৱাৰ কনিষ্ঠ ভাতৃ কালিচৰণ বৰুৱাৰ পুত্র অভিজিৎ বৰুৱাক স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ পদত নিযুক্তিপত্রও প্রদান কৰে। আনহাতে মুখ্যমন্ত্রীয়ে শ্বহীদ পৰিয়ালৰ সদস্য কালিচৰণ বৰুৱা, পুতুলী বৰুৱা আৰু বোহিনী কাকতিক সম্বর্দ্ধনা জ্ঞাপন কৰে। আজিৰ এই অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্রী বিমল বড়া, গৃহ-নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্রী অশোক সিংহল, সাংসদ পল্লৱলোচন দাস, বিধায়কসকল ক্রমে উৎপল বৰা, ৰঞ্জিত দত্ত, প্রমোদ বৰঠাকুৰ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব বি কল্যাণ চক্রবর্তী, বিশ্বনাথ জিলা আয়ুক্ত নেহা যাদৱ, প্রকাশন পৰিষদৰ অধ্যক্ষ দেৱানন্দ হাজৰিকা, শ্বহীদ কনকলতা বৰুৱাৰ পৰিয়ালৰ কালীচৰণ বৰুৱা আৰু পুতুলী বৰুৱা, শ্বহীদ মুকুন্দ কাকতিৰ পৰিয়ালৰ সদস্য ৰোহিনী কাকতি প্রমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত আছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

অৰুণোদয় ৩.০ আঁচনিৰ বাবে উপাৰ্জনৰ প্রমাণ-পত্ৰ আৱশ্যক নহয়

অসম চৰকাৰৰ বিত্ত বিভাগে অৰুণোদয় ৩.০ আঁচনিৰ অধীনত উপাৰ্জনৰ...

লখিমপুৰত ‘বিকাশৰ ১২ দিন’ কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

৩৭টা বিধান সভা সমষ্টিৰ বাবে নতুন ৰেচন কার্ড বিতৰণৰ...

সম্পত্তিৰ লালসাতে ২কণমানিক হত্যা কৰিলে ককায়েক নীৰজ শৰ্মাই?

প্ৰসংগঃ ওদালগুৰিত ২ শিশুক ডিঙি কাটি হত্যা। সময় বাগৰাৰ...

জলফাইৰ উপকাৰিতাসমূহৰ বিষয়ে জানেনে?

জলফাই অতি পুষ্টিগুণসমৃদ্ধ ফল। আপুনি বাৰু জানেনে ইয়াৰ উপকাৰিতাসমূহ?...