কাৰ দখললৈ যাব গুৱাহাটী পৌৰ নিগম?

আজি ভাগ্য নিৰ্ণয় হ’ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা ১৯৭ গৰাকী প্ৰাৰ্থীৰ। তাৰ ভিতৰত বিজেপিৰ ৫০ গৰাকী, কংগ্ৰেছৰ ৫৪ গৰাকী, অসম গণ পৰিষদৰ ৭ গৰাকী, AAPৰ ৩৮ গৰাকী, অসম জাতীয় পৰিষদৰ ২৫ গৰাকী, CPIMৰ ৪ গৰাকী আৰু নিৰ্দলীয়সহ অন্যান্য দলৰ প্ৰাৰ্থী আছে ১৯ গৰাকী। পুৱা ৮ বজাৰ পৰা মহানগৰীৰ মনিৰাম দেৱান ট্ৰেড চেন্টাৰত স্থাপন কৰা গণনা কক্ষত হ’ব ভোট গণনা। একেলগে এবাৰত ২০খন টেবুলত হ’ব ভোটগণনা। উল্লেখযোগ্য যে, প্ৰথমবাৰলৈ EVMত অনুষ্ঠিত হৈছে পৌৰ নিগমৰ নিৰ্বাচন ।

যোৱা ২২ এপ্ৰিলত মুঠ ৬০ টা ৱাৰ্ডৰ ভিতৰত ৫৭ টা ৱাৰ্ডত নিজৰ ভোটদান সাব্যস্ত কৰিছিল মহানগৰীৰ ৫২.৮০ শতাংশ ভোটাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...