কটন বিশ্ব বিদ্যালয়ত নেপালী ভাষাৰ পিজি ডিপ্লোমা পাঠ্যক্ৰম আৰম্ভ

কটন বিশ্ববিদ্যালয়ে আৰম্ভ কৰিলে নেপালী ভাষাৰ পিজি ডিপ্লোমা পাঠ্যক্ৰম। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড০ ভবেশ গোস্বামীয়ে সোমবাৰে এমচিবি বিল্ডিং কনফাৰেঞ্চ হলত পাঠ্যক্ৰমটোৰ উদ্বোধন কৰে আৰু কয় যে অদূৰ ভবিষ্যতে যদি গোৰ্খা শিক্ষাৰ্থী আৰু যুৱক-যুৱতীসকলে মাতৃভাষাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিব খোজে তেনেহলে এক সম্পূৰ্ণ পিজি পাঠ্যক্ৰণ আৰম্ভ কৰিব পাৰি।

ছিকিমৰ বাহিৰে এয়া উত্তৰ-পূব ভাৰতৰ যিকোনো বিশ্ববিদ্যালয়ত নেপালী ভাষাৰ নিয়মীয়া পদ্ধতিৰ প্ৰথমটো পাঠ্যক্ৰম। নেপালী ভাষাৰ পিজি ডিপ্লমা হৈছে কটন বিশ্ববিদ্যালয়ৰ ভাষা, সংস্কৃতি আৰু কলা কেন্দ্ৰৰ প্ৰথমটো পাঠ্যক্ৰম।

এই পাঠ্যক্ৰম আৰম্ভ কৰাৰ সময়ত ড০ খগেন শৰ্মাই কয় যে, পাঠ্যক্ৰমটো মুঠ ৩২টা ক্ৰেডিট পইন্টৰ সৈতে ২টা ছেমিষ্টাৰত বিভক্ত কৰা হৈছে। লগতে তেওঁ কয় যে, কটন বিশ্ববিদ্যালয়ৰ নেপালী ভাষাৰ শিক্ষাদনৰ সৈতে মই সুখী আৰু আগন্তক বছৰবোৰত অধিক শিক্ষাৰ্থীয়ে পাঠ্যক্ৰমত যোগদান কৰাৰ অপেক্ষা কৰি আছো। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত সঞ্চালক অধ্যাপক মহেশ্বৰ কলিতা। এই পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলে পৰবৰ্তী দুসপ্তাহৰ বাবে নামভৰ্তি কৰিব পাৰিব। আৰু বিশ্ববিদ্যালৰদ্বাৰা হোষ্টেলৰো সুবিধা প্ৰদান কৰা হ’ব।

কটন বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ দাবীৰ অনুমোদন অনুসৰি ২০১৭ চনত গোৰ্খাসকলৰ সাহিত্য সংগঠন, নেপালী সাহিত্য সভাই নেপালী সংস্কৃতি আৰু ভাষাৰ বাবে এটা কেন্দ্ৰ খোলাৰ দাবী জনাইছিল। আৰু লগতে ইয়াৰ বাবে নেপালীৰ সহকাৰী অধ্যাপকপদ সৃষ্টিৰ বাবেও দাবী জনাইছিল। আৰু ১ অক্টোবৰ ২০১৯ তাৰিখে কটন বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ মিটিঙত এই বিষয়ে উল্লেখ কৰা হৈছিল। বিধায়ক গণেশ কুমাৰ লিম্বুৱেও বিষয়টো হাতত লৈছিল আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক হেঁচা দিছিল। উক্ত পাঠ্যক্ৰমৰ বাবে অসম নেপালী সাহিত্য সভা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, অসম গোৰ্খা সন্মিলন আৰু ভাৰতীয় গোৰ্খা পৰিষদৰ নেতাসকলে কটন বিশ্ববিদ্যালয়লৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...