P&RDত দুর্নীতি! বিডিঅ’ নিলম্বিত, ২ কর্মচাৰীক বৰ্খাস্ত

গুৱাহাটী, ২ জুলাই, NKTV: পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগে দুর্নীতি আৰু কৰ্তব্যত গাফিলতি কৰাৰ অভিযােগত আজি এক নির্দেশ যােগে কৰিমগঞ্জ জিলাৰ দুৰ্লভচেৰা উন্নয়ন খণ্ডৰ বিডিঅ’ সৰােজ দাসক চাকৰিৰ পৰা নিলম্বিত কৰিছে। বিষয়া গৰাকীয়ে এম জি এনৰেগা আৰু পি এম এ ৱাই-জি আদি আঁচনিৰ ৰূপায়ণৰ ক্ষেত্ৰত কৰা বিত্তীয় অনিয়ম আৰু কৰ্তব্যৰ গাফিলতিৰ বাবে পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগে আজি বিষয়া গৰাকীক তৎকালীন ভাৱে বলবৎ হােৱাকৈ চাকৰিৰ পৰা নিলম্বিত কৰে। আনহাতে, দুর্নীতি আৰু কৰ্তব্যত গাফিলতিৰ অভিযােগত পঞ্চায়ত আৰু গ্রামােন্নয়ন আয়ুক্তই গােৱৰ্ধনা উন্নয়ন খণ্ডৰ অধীনৰ বনমাজা গাঁও পৰিষদ উন্নয়ন কমিটী (ভিচিডিচি)ৰ গ্রাম ৰোজগাৰ সহায়ক খলিলুৰ ৰহমান আৰু বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডৰ অধীনৰ সত্ৰ কনৰা গাঁও পঞ্চায়তৰ গাঁও পঞ্চায়ত সমন্বয়ক (জিপিচি) প্রহ্লাদ দাসক দুটা সুকীয়া নির্দেশ যােগে চাকৰিৰ পৰা বৰ্খাস্ত কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...