অসমত কাৰ্টুন চোৰ ওলাইছে

মুখ্যমন্ত্ৰীৰ মিঞা বিতৰ্ক
দুটা কাৰ্টুনক লৈ বিতৰ্ক
অসমত কাৰ্টুন চোৰ ওলাইছে

কাৰ্টুন চুৰিৰ অভিযোগ উঠিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে। ইপিনে কাৰ্টুন চপা কৰাৰ অভিযোগত ছীল কৰি দিয়া হৈছে গণেশগুৰিৰ এটা প্ৰিন্টিং প্ৰেছ। সাংবাদিক জমছেৰ আলীক পুৱাতে আটক কৰি প্ৰায় ১২ ঘন্টা ধৰি দিছপুৰ থানাতে ৰখা হ’ল। ৰাজ্যৰ মিঞা সম্প্ৰদায়ৰ মানুহখিনিক লৈ বিগত প্ৰায় ১০ দিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰি থকা চৰ্চা আছিল লক্ষ্যণীয়। বিধানসভাৰ শেহতীয়া শৰৎকালীন অধিবেশনত মুখ্যমন্ত্ৰীৰ মিঞা-চৰ্চাই চৰম ৰূপ পালে।

সদনত মুখ্যমন্ত্ৰীৰ এই আক্ৰমণাত্মক স্থিতিৰ পিছতে ২৮ আগষ্টত কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ ব্যংগ। মিঞা ও মিঞা, বৈতৰণী পাৰ কৰাই নিয়া। জনপ্ৰিয় কাৰ্টুনিষ্ট নিতুপৰ্ণৰ এই ব্যংগক লৈ চৰ্চা হ’ল।

এই সময়ত GMCHত চিকিৎসাধীন হৈ থকা বাবে বিধানসভা অধিবেশনৰ পৰা আঁতৰি আছিল সদনৰ বাহিৰত দৈনিত ব্যতিক্ৰমী প্ৰতিবাদেৰে চৰ্চালৈ অহা বিধায়ক অখিল গগৈ। ‍অধিবেশনৰ পৰা আঁতৰি থকা বাবেই চৰ্চা হ’ব পৰা প্ৰতিবাদ কৰিব পৰা নাছিল বিধায়ক জনে। গোৱালপাৰাৰ কাৰ্টুনিষ্ট অমল মেধিক ২৯ আগষ্টত এটা কাৰ্টুন অঁকাৰ ঠিকা দিয়ে অখিল গগৈয়ে। ২৯ আগষ্টৰ মাজনিশা অখিলে কোৱাধৰণেই কাৰ্টুন আঁকি হোৱাটছআপ কৰে অমল মেধিয়ে। এয়া অমল মেধিয়ে অঁকা কাৰ্টুন।

৩০ আগষ্টৰ পুৱা এই কাৰ্টুনেই চপা কৰি GMCHৰ বিচনাত প্ৰতিবাদ কৰাৰ পৰিকল্পনা কৰিছিল অখিল গগৈয়ে। কাৰ্টুন অঁকাই অনাৰ পৰা প্ৰিন্ট কৰি দিয়ালৈ সমগ্ৰ কামৰ দায়িত্ব লৈছিল সাংবাদিক জমশ্বেৰ আলীয়ে। ভবা মতে কামটো নহ’ল। গণেশগুৰিৰ পৰা ৩০ আগষ্টৰ পুৱাই জমশ্বেৰ আলীক আটক কৰিলে দিছপুৰ আৰক্ষীয়ে। কাৰ্টুন চপা কৰা প্ৰেছটোও ছীল কৰি দিয়া হ’ল। চপা কাৰ্টুন নাপাই অমল মেধিয়ে আঁকি দিয়া কাৰ্টুনটো ফেচবুকত দি ক্ষোভ অখিল গগৈৰ। অখিলৰ ফেচবুক পেজত কাৰ্টুন দেখি স্তম্ভিত হৈ পৰিল কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশী। এয়া দেখোন নিতুপৰ্ণৰ কাৰ্টুনৰ নকল। লগে লগেই সামাজিক মাধ্যমত প্ৰতিবাদ নিতুপৰ্ণৰ। ‘মোৰ কাৰ্টুনৰ ধাৰণা চুৰি কৰা হৈছে’। NKTVৰ সন্মুখত মুখ খুলিছে জনপ্ৰিয় কাৰ্টুনিষ্ট গৰাকীয়ে।

নিতুপৰ্ণৰ এই প্ৰতিবাদৰ পাছতো ক্ষমা নুখুজিলে অখিল আৰু সতীৰ্থই। নকল ধৰা পৰাৰ পাছত এইবাৰ ফটোশ্বপেৰে এখন বেনাৰ প্ৰিন্ট কৰি GMCHত প্ৰতিবাদ অখিল গগৈৰ। অখিলৰ এই কাণ্ডক পুনৰ সমালোচনা কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ।

ইপিনে নকল কৰা কাৰ্টুন চপা কৰাৰ মুখ্যমন্ত্ৰীক হেয় প্ৰতিপন্ন কৰিব খোজাৰ অভিযোগত দিছপুৰ থানাত ১২ ঘন্টা ধৰি জেৰাৰ সন্মুখীন হোৱা সাংবাদিক জমশ্বেৰ আলীৰ ক্ষোভ চৰকাৰৰ বিৰুদ্ধে।

এই সমগ্ৰ ঘটনাৰ বাবে ব্যথিত মূল কাৰ্টুনৰ স্ৰষ্টা নিতুপৰ্ণ ৰাজবংশী। তেওঁৰ স্পষ্ট মত নিস্পেষিত-নিপিড়ীত জনতাৰ স্বাৰ্থত তেওঁ কাৰ্টুনেৰে সদায় প্ৰতিবাদ কৰি যাব। কিন্তু কোনোবাই সেই কাৰ্টুন ৰাজনৈতিক লাভালাভৰ বাবে ব্যৱহাৰ কৰিব, তাৰ পক্ষপাতি তেওঁ নহয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...