শীঘ্ৰেই আৰম্ভ হ’ব শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ নিৰ্মাণ কাৰ্য

শততম জন্ম দিৱসত শ্বহীদ কনকলতাক স্মৰণ
আধুনিকতাৰ নতুন দিগন্তই স্পৰ্শ কৰিব গহপুৰক
শীঘ্ৰেই আৰম্ভ হ’ব শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ নিৰ্মাণ কাৰ্য

এক বৰ্ণিল পৰিৱেশত বীৰাংগনা কনকলতাৰ জন্ম গাঁও গহপুৰৰ বৰঙাবাৰীত অনুষ্ঠিত শ্বহীদগৰাকীৰ জন্ম দিৱস। জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতাৰে শ্বহীদ কনকলতাক স্মৰণ কৰিলে মুখ্যমন্ত্ৰীয়ে। শ্বহীদ কনকলতাৰ বৰঙাবাৰীৰ গৃহত অনুষ্ঠিত অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গহপুৰক নতুন ৰূপ দিয়াৰ আশ্বাস দিয়ে।

ব্ৰহ্মপুত্ৰৰ তলেৰে হ’ব লগা সুৰংগ পথেৰে গহপুৰক দিব নতুন ৰূপ
শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ নিৰ্মাণৰ বাবে গহপুৰবাসীক ৫০০ বিঘা মাটি দিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

বছৰজোৰাকৈ চলিবলগীয়া শ্বহীদ কনকলতাৰ জন্ম শতবাৰ্ষিকীৰ শেষৰ অনুষ্ঠানত যাতে বিশ্ববিদ্যালয়খনৰ কাম আৰম্ভ হয় তাৰ বাবে গহপুৰবাসীক ভূমি প্ৰদানৰ বাবে আহ্বান মুখ্যমন্ত্ৰীৰ। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় আৰু নালন্দা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক লৈ গঠন কৰা সমিতিয়ে সোনকালে বিশ্ববিদ্যালয়খন নিৰ্মাণৰ বাবে গহপুৰ পৰিদৰ্শন কৰিব বুলিও জনালে মুখ্যমন্ত্ৰীয়ে। ভাষণত মুখ্যমন্ত্ৰীয়ে মোদী চৰকাৰক নতুন ভাৰত নিৰ্মাণৰ পৰিকল্পনা আৰু ৰূপৰেখাও বৰ্ণনা কৰিলে। অনুষ্ঠানত অংশগ্ৰহণ কৰে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই।

সাংসদ পল্লবলোচন দাস, স্থানীয় বিধায়কসকল উপস্থিত থকা অনুষ্ঠানত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় কনকলতা বৰুৱাৰ ভাতৃ কালীচৰণ বৰুৱাসহ শ্বহীদগৰাকীৰ পৰিয়ালৰ সদস্যসকলক। শ্বহীদ মুকুন্দ কাকতিৰ ভাতৃ ৰোহিনী কাকতি আৰু তেওঁৰ পৰিয়ালে সম্বৰ্ধনা জনালে মুখ্যমন্ত্ৰীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...