ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা অব্যাহত

ৰাহুল গান্ধীৰ ৬,৭১৩ কিলোমিটাৰ ভ্ৰমণসূচী সন্দৰ্ভত গুৱাহাটীৰ ৰাজীৱ ভৱনত সংবাদমেল মহিলা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভানেত্ৰী অলকা লাম্বাৰ। অনাগত লোকসভা নিৰ্বাচন, ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা, ৰাজ্যৰ বিজেপি চৰকাৰ আদি প্ৰতিটো বিষয়তে মত ব্যক্ত কৰে জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। অনাগত লোকসভা নিৰ্বাচনত জনতাই কংগ্ৰেছৰ সপক্ষে ৰায় দিব বুলিও আত্মবিশ্বাসী অলকা লাম্বা।

ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা অব্যাহত
বৃহস্পতিবাৰে অসমত প্ৰৱেশ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী
ৰাহুল গান্ধীৰ যাত্ৰাক লৈ গুৱাহাটীত ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী অলকা লাম্বা

বিজেপি চৰকাৰে সৰ্বত্ৰে অন্যায়-অবিচাৰ কৰিছে, এই অভিযোগ কংগ্ৰেছৰ। বিজেপিৰ অন্যায় ৰুধিবলৈ সমগ্ৰ উত্তৰ-পূবজুৰি কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ আৰম্ভণি। মণিপুৰৰ পৰা আৰম্ভ হোৱা এই ন্যায় যাত্ৰাই বৃহস্পতিবাৰে প্ৰৱেশ কৰিব অসমত। বহু স্থানত অৱশ্যে অনুমতি পোৱা নাই এই যাত্ৰাৰ। ৰাহুল গান্ধীৰ এই যাত্ৰাৰ বাবে উজনি অসমৰ সকলো চৰকাৰী কাৰ্যসূচী বাতিল কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তাৰ প্ৰত্যুত্তৰ দিলে অলকা লাম্বাই।

ৰাহুল গান্ধীৰ অনুষ্ঠানলৈকে যাব জনতা

২০২৪ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে লাভ কৰিব ডাবল ডিজিট’। অসমৰ লোকসভা নিৰ্বাচনত ডাবল ডিজিটত আসন লাভ কৰিব বুলিও মন্তব্য অলকা লাম্বাৰ।

ভাৰত জোড়ো যাত্ৰাৰ অংশীদাৰ হ’বলৈ ৯৮৯১৮০২০২৪ত মিছড কল দিয়াৰ আহ্বান ৰাষ্ট্ৰীয় নেতাগৰাকীৰ। ভাৰত জোড়ো ন্যায় যাত্ৰাই অসমত ন্যায় প্ৰতিষ্ঠা কৰিব বুলি আশাবাদী জ্যেষ্ঠ নেত্ৰীগৰাকী।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...