কংগ্ৰেছৰ অকলেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ সিদ্ধান্তক লৈ মহাজোঁটত সংঘাত

সদ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ পিছত আসন্ন হৈ পৰিল ধলাই, বিহালী, চামগুৰি, বঙাইগাঁও আৰু চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন। এই ৫ সমষ্টিৰ উপ নিৰ্বাচনক লৈ শেহতীয়াকৈ বিশেষ তৎপৰতা প্ৰদৰ্শন কৰিছে কংগ্ৰেছে। মঙলবাৰে জিতেন্দ্ৰ সিঙৰ উপস্থিতিত সমষ্টকেইটাৰ কংগ্ৰেছ নেতৃত্বৰে অনুষ্ঠিত হয় বিশেষ বৈঠক। এই বৈঠকতে সমষ্টিকেইটাৰ কংগ্ৰেছ নেতৃত্বই আসন্ন উপ-নিৰ্বাচন কংগ্ৰেছে অকলেই যুঁজাৰ পোষকতা কৰে। ইয়াৰপিছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়ো কৰিছিল তাৎপৰ্যপূৰ্ণ মন্তব্য। বৰাৰ মতে বিগত নিৰ্বাচনত চিদলী বিপিএফক এৰি দিয়া হৈছিল। কিন্তু এইবাৰ বিপিএফ কংগ্ৰেছৰ লগত নাই। বিহালী চিপিআইএমএলক এৰি দিছিল। কিন্তু বিহালীত আগতকৈ অৱস্থা শোচনীয় হ’ল। এনে প্ৰেক্ষাপটত আটাইকেইখন আসনত কংগ্ৰেছে অকলে যুঁজাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কিন্তু ভূপেন বৰাৰ এই মন্তব্যৰ পিছত জাঙুৰ খাই উঠিছে বিৰোধী ঐক্যমঞ্চৰ সহযোগী দলসমূহ। ভূপেন বৰাৰ মন্তব্য তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মন্তব্য যদি কংগ্ৰেছে উপ–নিৰ্বাচন অকলেই খেলাৰ সিদ্ধান্ত লয় সেয়া হ’ব ঐতিহাসিক ভুল।

সংঘবদ্ধ বিৰোধীয়ে ঐক্যবদ্ধ হৈ খেলা নিৰ্বাচনত লাভ কৰা নাই ৰাইজৰ সঁহাৰি অকলে কংগ্ৰেছৰ বুলি ভাবিলে কংগ্ৰেছে মুৰ্খৰ স্বৰ্গত বাস কৰিছে। সামান্য ভাল ফলাফলৰ পিছত কংগ্ৰেছৰ অহংকাৰ হ’লে ৰাইজে কেতিয়াও গ্ৰহণ নকৰে বুলিও সমালোচনা অখিলৰ।

ইফালে কংগ্ৰেছৰ আগ্ৰাসী নীতিক সমালোচনা বিৰোধী ঐক্যমঞ্চৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰো। বিজেপিক উৎখাত কৰিবলৈ হ’লে সকলো এক হৈ থাকিব লাগিব বুলি কৈ লুৰিণজ্যোতিৰ আশ্বাস পূৰ্বৰ ভুলৰ পৰা শিক্ষা লওক কংগ্ৰেছে।

একেদৰেই মিত্ৰদলৰ একাধিক নেতাৰ তীব্ৰ সমালোচনাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ৫ সমষ্টিৰ নেতৃত্বক লৈ হোৱা আলোচনাত তেওঁলোকেহে কংগ্ৰেছক অকলে যুঁজাৰ প্ৰস্তাৱ দিছিল। কিন্তু সেই প্ৰস্তাৱক লৈ এতিয়াও লোৱা হোৱা নাই চূড়ান্ত সিদ্ধান্ত।

উল্লেখ্য যে, অসমত ২০২৬ৰ সাধাৰণ নিৰ্বাচনলৈ বিৰোধী ঐক্যমঞ্চই একেলগে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰস্তাৱ লৈছিল। কিন্তু উপ নিৰ্বাচনক লৈয়ে এতিয়া মহাজোঁটত জঁট লগাৰ সময়তে এ আই চি চিৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ মন্তব্য– লোকসভা নিৰ্বাচনলৈহে আছিল এই মিত্ৰতা।

কংগ্ৰেছে অকলেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে বিৰোধী মিত্ৰজোঁটৰ আন সদস্যই সহযোগিতা নকৰাৰ ঘোষণা। তাৰ বিপৰীতে এ পি চি চিৰ তত্ত্বাৱধায়কৰ মিত্ৰতাক নস্যাতে আগন্তুক দিনত যে বিৰোধীৰ ৰাজনীতি পুনৰ থৰক–বৰক হ’ব তাৰেই ইংগিত বহন কৰিছে। বিৰোধীৰ এই সংঘাতৰ ফলত যে শাসকীয় বিজেপি মিত্ৰজোঁটেই অধিক লাভান্বিত হ’ব সেয়াও নুই কৰিব নোৱাৰি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...