ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছৰ ছেমিফাইনেলত অসমৰ চান্দোগ্য পাঠক-নিব্ৰাছ হুছেইন

শীৰ্ষ বাচনি লাভ কৰা অসমৰ চান্দোগ্য পাঠক আৰু নিব্ৰাছ হুছেইনে চলিত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাৰ ল’ৰাৰ একক শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷ গুৱাহাটীৰ চচল টেনিছ প্ৰকল্পত অসম টেনিছ সন্থাৰ উদ্যোগত তথা ভাৰতীয় টেনিছ ফেডাৰেছনৰ সহযোগত চলি থকা প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত হোৱা কোৱাৰ্টাৰ ফাইনেলত চান্দোগ্যই ল’ৰাৰ ১৪ বছৰ অনূধ্বৰ্ শাখাত ৬-২, ৬-৩ ৰ ব্যৱধানত জয়লাভ কৰাৰ বিপৰীতে নিব্ৰাছে ল’ৰাৰ ১২ বছৰ অনূধ্বৰ্ শাখাৰ কোৱাৰ্টাৰ ফাইনেলত ৬-০, ৬-০ ৰ ব্যৱধানত জয় অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ নিব্ৰাছে ১৪ বছৰ অনূধ্বৰ্ৰ কোৱাৰ্টাৰ ফাইনেলো খেলিছিল যদিও পৰাস্ত হয়৷

উল্লেখ্য যে চলিত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত চান্দোগ্যই ল’ৰাৰ ১৪ বছৰ অনূধ্বৰ্ শাখাত তথা নিব্ৰাছে ল’ৰাৰ ১২ বছৰ অনূধ্বৰ্ শাখাত শীৰ্ষ বাচনি অৰ্জন কৰিছে৷ চান্দোগ্যৰ লগতে ল’ৰাৰ ১৪ বছৰ অনূধ্বৰ্ ছেমিফাইনেলত প্ৰৱেশ কৰা আন তিনিগৰাকী খেলুৱৈ হ’ল আৰৱ চহালানী, বিহান মিৰ্ধা আৰু ৰাঘৱ সৰোদ৷ আনহাতে, নিব্ৰাছৰ লগতে ল’ৰাৰ ১২ বছৰ অনূধ্বৰ্ শাখাৰ ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে থানুষ শেকাৰ, জেগান ৰোহিত আৰু নিহাল এছ ৰেড্ডীয়ে৷

ইফালে, ছোৱালীৰ একক শাখাৰ ১২ বছৰ অনূধ্বৰ্ৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে পদ্মা ৰমেশকুমাৰ, ঈশিতা শ্ৰিয়ালা, ছেৰেনা গাহলট আৰু ৰুহি সিং৷ আনহাতে, পদ্মা ৰমেশকুমাৰ, ঈশিতা শ্ৰিয়ালা, ছেৰেনা গাহলট আৰু খুশি খাদিয়ানে ছোৱালীৰ ১৪ বছৰ অনূধ্বৰ্ শাখাৰ ছেমিফাইনেলতো প্ৰৱেশ কৰিছে৷

প্ৰতিযোগিতাৰ আজি ল’ৰা-ছোৱালীৰ দূয়োটা বয়স শাখাৰ কোৱাৰ্টাৰ ফাইনেল মেচসমুহো অনুষ্ঠিত হয়৷ অসমৰ চান্দোগ্য পাঠকে বিহান মিৰ্ধাৰ লগত যুটি বান্ধি ল’ৰাৰ ১৪ বছৰ অনূধ্বৰ্ শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷ আনহাতে, অসমৰ ঈশানদীপ বৰা আৰু আৰিয়ান ভৰালীয়ে ল’ৰাৰ ১২ বছৰ অনূধ্বৰ্ ডাবলছ শাখাৰ ছেমিফাইনেললৈ অগ্ৰসৰ হৈছে৷ ইফালে, ছোৱালীৰ ১৪ বছৰ অনূধ্বৰ্ শাখাৰ ডাবলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে অসমৰ নেইম হুছেইন আৰু তেওঁৰ সংগী ছেৰেনা গেহলট লগতে সংস্কৃতি বৰা আৰু আৰিশা এম চৌধুৰী যুটি৷

অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই জনোৱা অনুসৰি কাইলৈ পূৱা একক শাখাৰ ছেমিফাইনেল অনুষ্ঠিত হোৱাৰ পাছত ডাবলছ শাখাৰো ল’ৰা-ছোৱালী দূয়োটা বয়স শাখাৰ ছেমিফাইনেল অনুষ্ঠিত হ’ব৷ আনহাতে, আবেলি অনুষ্ঠিত হ’ব ল’ৰাৰ ডাবলছ শাখাৰ ফাইনেল৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ

সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত শনিবাৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত...

হৰিয়ানাৰ টেনিছ খেলুৱৈ ৰাধিকাক কিয় হত্যা কৰিলে পিতৃয়ে?

কন্যাৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰাৰ কটাক্ষই দীপক যাদৱৰ আত্মসন্মানত...

ৰিজাৰ্ভ বেংকে ক’লে ‘অবৈধ নহয়’; ২০০০ টকীয়া নোট এতিয়াও আছে নেকি? তেন্তে কি কৰিব?

২০২৩ চনত ২০০০ টকীয়া নোট বজাৰৰ পৰা প্ৰত্যাহাৰ কৰা...

এইবাৰ ভাৰতীয় ৰে’লৱেৰ বাবে কাম কৰিব TATAই, চুক্তি স্বাক্ষৰিত

টাটা অটো-কম্প চিষ্টেমছ আৰু ইউৰোপৰ স্কোডা গ্ৰুপে এখন নতুন...