‘দ্য কিং অব কমেডী’ৰ পৰা ‘নাচ বলিয়ে’লৈ ৰাজু শ্ৰীবাস্তৱৰ নজনা ১০টা কথা

জনপ্ৰিয় কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ ৫৮ বছৰ বয়সত দেহাৱসান। দিল্লীৰ এইমছত চিকিৎসাধীন অৱস্থাত মৃত্যু শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাজনে। মৃত্যুৰ সময়ত ৰাজু শ্ৰীবাস্তৱৰ বয়স হৈছিল ৫৮ বছৰ। ‘দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জ’ৰ জৰিয়তে জনাজাত হৈছিল ৰাজু শ্ৰীবাস্তৱ। ‘দ্য কিং অব কমেডী’ খিতাপ লাভ কৰিছিল ৰাজু শ্ৰীবাস্তৱে। তাৰোপৰি ‘বিগ বছ ছীজন থ্ৰী’তো ভাগ লৈছিল ৰাজু শ্ৰীবাস্তৱে। ইয়াৰ লগতে বলীউডৰ কেইবাখনো চিনেমাতো অভিনয় কৰি গৈছে ৰাজুৱে। ‘মেইনে প্যাৰ কিয়া’, ‘বাজীগৰ’, ‘বোম্বে টু গোৱা’তো অভিনয় কৰিছিল।

আনহাতে, পত্নী শিখাৰ সৈতে ‘নাচ বলিয়ে ছীজন ছিক্স’ত অংশগ্ৰহণ কৰিছিল ৰাজু শ্ৰীবাস্তৱে। উল্লেখ্য যে, ৰাজু শ্ৰীবাস্তৱৰ প্ৰকৃত নাম আছিল সত্যপ্ৰকাশ শ্ৰীবাস্তৱ। গজোধৰ নামেৰেও অনুৰাগীসকলৰ মাজত জনপ্ৰিয় আছিল ৰাজু। যোৱা ১০ আগষ্টৰ পৰা এইমছত চিকিৎসাধীন আছিল ৰাজু শ্ৰীবাস্তৱ। হৃদৰোগাক্ৰান্ত হৈ বিগত ৪২ দিনে ICUত আছিল ৰাজু শ্ৰীবাস্তৱ। ১৯৬৩ৰ ২৫ ডিচেম্বৰত কানপুৰত জন্মগ্ৰহণ কৰা ৰাজু শ্ৰীবাস্তৱে বৰ্ণিল পৰিক্ৰমা অতিক্ৰম কৰি জীৱন নাট সামৰিলে দিল্লীত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...