ড° মনােৰমা বৰগােহাঞিৰ বিয়ােগত মুখ্যমন্ত্ৰীৰ শােক প্রকাশ

গুৱাহাটী, ৮ জুন, NKTV: বিশিষ্ট গীতিকাৰ, কবি, শিশু সাহিত্যিক ড° মনােৰমা বৰগােহাঞিৰ বিয়ােগত গভীৰ শােক প্রকাশ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। আজি এক শােকবার্তাত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ড° মনােৰমা বৰগােহাঞিৰ বিয়ােগত অসমে এগৰাকী স্বনামধন্য গীতিকাৰ আৰু বিশিষ্ট শিশু সাহিত্যিকক হেৰুৱালে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ লগত দীর্ঘকাল ধৰি জড়িত হৈ তেওঁ বিশ্ববিদ্যালয়খনৰ প্ৰতি যি সেৱা আগবঢ়াই গ’ল সেয়া সকলােৱে শ্ৰদ্ধাৰে স্মৰণ কৰিব। এইগৰাকী বিশিষ্ট কবি-সাহিত্যিক বিয়ােগ আমাৰ জাতীয় জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে প্রয়াত ড° মনােৰমা বৰগােহাঞিৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনােৱাৰ লগতে তেওঁৰ শােকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...