ড° মনােৰমা বৰগােহাঞিৰ বিয়ােগত মুখ্যমন্ত্ৰীৰ শােক প্রকাশ

গুৱাহাটী, ৮ জুন, NKTV: বিশিষ্ট গীতিকাৰ, কবি, শিশু সাহিত্যিক ড° মনােৰমা বৰগােহাঞিৰ বিয়ােগত গভীৰ শােক প্রকাশ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। আজি এক শােকবার্তাত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ড° মনােৰমা বৰগােহাঞিৰ বিয়ােগত অসমে এগৰাকী স্বনামধন্য গীতিকাৰ আৰু বিশিষ্ট শিশু সাহিত্যিকক হেৰুৱালে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ লগত দীর্ঘকাল ধৰি জড়িত হৈ তেওঁ বিশ্ববিদ্যালয়খনৰ প্ৰতি যি সেৱা আগবঢ়াই গ’ল সেয়া সকলােৱে শ্ৰদ্ধাৰে স্মৰণ কৰিব। এইগৰাকী বিশিষ্ট কবি-সাহিত্যিক বিয়ােগ আমাৰ জাতীয় জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে প্রয়াত ড° মনােৰমা বৰগােহাঞিৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনােৱাৰ লগতে তেওঁৰ শােকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...