ৰাজু শ্ৰীবাস্তৱৰ প্ৰকৃত নাম কি আছিল জানেনে?

জনপ্ৰিয় কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ দেহাৱসান। দিল্লীৰ এইমছত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে ৰাজু শ্ৰীবাস্তৱৰ। মৃত্যুৰ সময়ত ৰাজু শ্ৰীবাস্তৱৰ বয়স হৈছিল ৫৮ বছৰ। হৃদৰোগাক্ৰান্ত হৈ বিগত ৪২ দিনে ICUত আছিল ৰাজু।

উল্লেখ্য যে, ৰাজু শ্ৰীবাস্তৱৰ প্ৰকৃত নাম সত্যপ্ৰকাশ শ্ৰীবাস্তৱ। গজোধৰ নামেৰেও অনুৰাগীসকলৰ মাজত জনপ্ৰিয় আছিল ৰাজু। উত্তৰ প্ৰদেশৰ কানপুৰত ১৯৬৩ৰ ২৫ ডিচেম্বৰত জন্মগ্ৰহণ কৰিছিল ৰাজুৱে।

হৃদ ৰোগত আক্ৰান্ত হৈ যোৱা ১০ আগষ্টৰ পৰা এইমছত চিকিৎসাধীন আছিল ৰাজু শ্ৰীবাস্তৱ। অভিনেতাজনৰ মৃত্যুত দেশৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...

আপুনি জানেনে? জাপানত ফল-মূল আৰু শাক-পাচলিৰ বাকচত সেই খেতিসমূহ কৰা কৃষকসকলৰ ফটো লগোৱা থাকে…

জাপানৰ বহু অঞ্চলত ফল-মূল আৰু শাক-পাচলিৰ বাকচত প্ৰায়েই সেই...

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...