ৰোনাল্ডোৰ মন্তব্যৰ পিছতে অৱনমিত Coca-colaৰ শ্বেয়াৰ

গুৱাহাটী, ১৬ জুন, NKTV: ফুটবলৰ ছুপাৰষ্টাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে মঙলবাৰে এক সংবাদমেলৰ সময়ত চ’ডা পানীয়ৰ দুটা বটল কাষত ৰাখি মানুহক “পানী খাবলৈ” কোৱাৰ পিছত বিশ্বব্যাপী পানীয় কোম্পানী কোকা-কোলাই ব্ৰেণ্ড মূল্যত ৪ বিলিয়ন মাৰ্কিন ডলাৰ হেৰুৱাইছে বুলি জানিব পৰা গৈছে। ইউৰো ২০২০ত হাংগেৰীৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব লগা পৰ্তুগালৰ খেলখনৰ পূৰ্বে এই ঘটনাটো সংঘটিত হৈছিল যেতিয়া ৰোনাল্ডো সংবাদমেলত উপস্থিত হৈছিল আৰু কোম্পানীটো প্ৰতিযোগিতাখনৰ অন্যতম মুখ্য পৃষ্ঠপোষক হোৱা স্বত্বেও ফ্ৰেমৰ পৰা দুটা কোকা-কোলা বটল আঁতৰাই দিছিল। বটলবোৰ আঁতৰ কৰাৰ পিছত, ৰোনাল্ডোৱে সকলোকে পানী খাবলৈ আহ্বান জনাইছিল, যাৰ ফলত কোকা-কোলাৰ শ্বেয়াৰ অৱনমিত হৈছে বুলি ধাৰণা কৰা হয়। কোকা-কোলাই এতিয়া ৰোনাল্ডোৰ কাৰ্যৰ প্ৰতি সঁহাৰি জনাই কয়, “সকলোৱে তেওঁলোকৰ সোৱাদ আৰু প্ৰয়োজনীয়তাৰ ওপৰত আধাৰিত কৰি তেওঁলোকৰ পানীয়ৰ পছন্দৰ অধিকাৰী”। প্ৰতিবেদন অনুসৰি, ৰোনাল্ডোৰ এই মন্তব্যৰ পিছতে কোকা-কোলাৰ শ্বেয়াৰৰ মূল্য ১.৬ শতাংশ হ্ৰাস পাইছে। ৫৬.১০ মাৰ্কিন ডলাৰৰ পৰা মঙলবাৰে ৫৫.২২ মাৰ্কিন ডলাৰলৈ হ্ৰাস পোৱাৰ খবৰ আহিছে। কোকা-কোলাৰ ব্ৰেণ্ড মূল্যও ২৪২ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ২৩৮ বিলিয়ন মাৰ্কিন ডলাৰলৈ হ্ৰাস পাইছে। ৰোনাল্ডো পৃথিৱীৰ জনপ্ৰিয় খেলুৱৈ সকলৰ অন্যতম সেয়েহে তেওঁ কৰা যিকোনো কাম অনুৰাগী সকলে স্বাভাৱিকতে অনুকৰণ কৰে যাৰ বাবে লোকচানৰ সন্মুখীন হৈছে কোকা-কোলা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...