আজিৰ কেবিনেটত কি কি সিদ্ধান্ত লোৱা হ’ল?

গুৱাহাটী, ১৬ জুন, NKTV: আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

১) আজিৰ কেবিনেটে ৰাজ্যত নতুনকৈ ৪টা ফৰেনচিক লেবৰেটৰি স্থাপনৰ বাবে অনুমোদন জনায়। এই ফৰেনচিক লেবৰেটৰিকেইটা ক্ৰমে শিলচৰ চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়, তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু বঙাইগাঁও অসামৰিক চিকিৎসালয়ত স্থাপন কৰা হ’ব। নতুনকৈ স্থাপন কৰিবলগীয়া ফৰেনচিক লেবৰেটৰিকেইটা কাৰ্যক্ষম হৈ উঠিলে অপৰাধ অনুসন্ধান ব্যৱস্থা অধিক শক্তিশালী হ’ব।

২) শিশু আৰু গৰ্ভৱতী মহিলাৰ পৰিপুষ্টিৰ বাবে সমাজ কল্যাণ বিভাগে ৰূপায়ন কৰা “পৰিপূৰক পুষ্টি আঁচনি”খন অধিক গতিশীল কৰি তুলিবলৈ এই আঁচনিৰ অধীনত ক্ৰয় কৰা চাউল ভাৰতীয় খাদ্য নিগমৰ পৰা পোনপটীয়াকৈ ক্ৰয় কৰাৰ বাবে কেবিনেটে সিদ্ধান্ত লয়। ইয়াৰ ফলত চৰকাৰী ধনৰ ৰাহি হোৱাৰ লগতে সেই ধনেৰে অন্যান্য পুষ্টিকৰ সামগ্ৰী ক্ৰয় কৰি যোগান ধৰা হ’ব। তদুপৰি এতিয়াৰে পৰা এই আঁচনিখনৰ ৰূপায়নত চিলিং ব্যৱস্থা প্ৰযোজ্য নহ’ব।

৩) আজিৰ কেবিনেটে ৰাজ্যত নতুনকৈ প্ৰতিষ্ঠা কৰা ৫ খন বিশ্ববিদ্যালয় ক্ৰমে নাৰায়নপুৰস্থিত মাধৱদেৱ বিশ্ববিদ্যালয়, বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়, গোলাঘাটৰ সতী সাধনী বিশ্ববিদ্যালয় আৰু হোজাইস্থিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ “বিধি”ত অনুমোদন জনায়। ইয়াৰ ফলত এতিয়াৰে পৰা বিশ্ববিদ্যালয়কেইখনে বিভিন্ন পৰিষদসমূহ গঠন কৰাৰ লগতে শৈক্ষিক কাৰ্যসূচী সূচাৰুৰূপে চলাই নিব পাৰিব।

৪) আজিৰ কেবিনেটে সাম্প্ৰতিক ক’ভিড পৰিস্থিতৰ বিতং পৰ্যালোচনাৰ অন্তত সিদ্ধান্ত লয় যে প্ৰচলিত ব্যৱস্থা অনুসৰি আগন্তুক উচ্চ মাধ্যমিক, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যিমক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰা সম্ভৱ নহয়। সেয়েহে অহা ১৮ জুন তাৰিখে শিক্ষা বিভাগে সকলো পক্ষৰ সৈতে আলোচনাৰ মাধ্যমেৰে এই সংক্ৰান্তত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।

৫) সাম্প্ৰতিক ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ কেবিনেটে সুকীয়া শৌচাগাৰ আৰু কোঠাৰ ব্যৱস্থা নথকা ক’ভিড প’জিটিভ লোকক হোম আইচলেশ্যন প্ৰদান নকৰিবলৈ সিদ্ধান্ত লয়। স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে এই সিদ্ধান্ত কঠোৰভাৱে বলৱৎ কৰিব লাগিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...

অসমত নল গাহৰিৰ আশাব্যঞ্জক পুনৰুত্থান: ৬ৰ পৰা ১৯৪লৈ বৃদ্ধি সংখ্যা

অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। বিলুপ্তিৰ...

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...