বিশ্ব পৰিৱেশ দিৱসত বহনক্ষম আৰু নিৰাপদ ভৱিষ্যত গঢ়ি তোলাৰ দিশত অৰিহণা আগবঢ়াবলৈ মুখ্যমন্ত্ৰীৰ ৰাইজক আহ্বান

ধলপুৰত প্ৰাক্-ঐতিহাসিক শিৱ মন্দিৰ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

মন্দিৰ দৰ্শন কৰিব পৰাকৈ যাতায়তৰ উপযোগী পথ নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে : মুখ্যমন্ত্ৰী

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অধীনৰ ধলপুৰত প্ৰাক্‌ঐতিহাসিক ধলপুৰ শিৱ মন্দিৰৰ স্থায়ী ভৱনৰ লগতে অতিথি গৃহ আৰু পূজাৰী গৃহ উদ্বোধন

কৰে। উল্লেখ্য যে মুখ্যমন্ত্রী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত ২০২১ চনৰ ৭ জুনত প্ৰথমবাৰৰ বাবে ধলপুৰ ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীয়ে প্ৰাক্ ঐতিহাসিক দিনৰ স্বাক্ষৰ বহন কৰা ধলপুৰ শিৱ মন্দিৰৰ স্থায়ী গাঁথনি গঢ়ি তোলাত সহায় আগবঢ়াব বুলি প্রতিশ্রুতি প্রদান কৰিছিল। সেই প্ৰতিশ্ৰুতিপূৰ্ণ কৰি মুখ্যমন্ত্ৰীয়ে আজি ভক্তসকলৰ বাবে মন্দিৰ উৎসৰ্গিত কৰে।

এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ধলপুৰৰ ঐতিহাসিক শিৱ মন্দিৰ ভ্ৰমণ কৰাটো তেওঁৰ বাবে সৰগীয় অনুভূতি। এটা অতিথি গৃহ, পূজাৰী গৃহৰ লগতে ধলপুৰত স্থায়ী

প্রাক্‌ ঐতিহাসিক শিৱ মন্দিৰ উদ্বোধন কৰিবলৈ পাই নিজকে ধন্য মানিছো বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে ভগৱান শিৱক প্রার্থনা জনোৱাৰ লগতে ৰাজ্যবাসীৰ কুশল-মংগলো কামনা কৰে। মন্দিৰলৈ অহা ভক্তসকলৰ সুবিধার্থে যাতায়তৰ উপযোগী হোৱাকৈ তিনিখন দলং নিৰ্মাণৰ কথাও উল্লেখ কৰে । ইয়াৰ উপৰি বানপানী প্ৰৱণ অঞ্চলটোক বানাপানীৰ কৱলৰ পৰা মুক্ত কৰিবলৈ এটা মথাউৰি নিৰ্মাণ কৰা হ’ব বুলিও তেওঁ কয়।

মুখ্যমন্ত্ৰীয়ে কয় যে দৰং জিলাৰ গৰুখুঁটি প্ৰকল্পটোৰ লগত অসমৰ গৌৰৱ জড়িত হৈ আছে। ইয়াৰ বাবে প্ৰকল্পটো সফল কৰি তুলিবলৈ ৰাজ্য চৰকাৰে সম্ভৱপৰ সকলো প্ৰয়াস কৰিব। মুখ্যমন্ত্ৰীয়ে এই ভ্ৰমণৰ সময়ছোৱাত মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতেও এক আলোচনাত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে শিৱ মন্দিৰটোৰ সকলো ধৰণৰ সমস্যা অগ্ৰাধিকাৰৰ ভিত্তিত গ্ৰহণ কৰি সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে। এই আলোচনাৰ সময়ত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, ছিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী, ধলপুৰ শিৱ মন্দিৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ধর্মকান্ত শৰ্মা উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিশাল ফুকন আৰু স্বপ্ননীল দাসৰ জামিন মঞ্জুৰ

বিশাল ফুকন আৰু স্বপ্ননীল দাসৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ...

সোণাৰিৰ নামতোলাৰ অপহৰণ কাণ্ডই জোকাৰিছে ৰাজ্য

ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলত পুনৰ নগা দুৰ্বৃত্তৰ সন্ত্ৰাস। সোণাৰিৰ নামতোলাত...

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ পদত্যাগ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ পদত্যাগ। ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ...

শিৱসাগৰৰ ডিমৌত চাঞ্চল্যকৰ অপহৰণ-ধৰ্ষণ

এনকাউন্টাৰতো ভীতিগ্ৰস্ত নহয় একাংশ। আৰক্ষীৰ গুলীয়ে ৰোধ কৰিব পৰা...