এমজিএনৰেগাৰ জৰিয়তে সামাজিক সম্পদ সৃষ্টিত গুৰুত্ব আৰােপ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ৭ জুন, NKTV:মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে জনতা ভৱনস্থিত কার্যালয়ৰ সভাকক্ষত পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনিৰ বিতং পর্যালােচনা কৰে। পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত মুখ্যমন্ত্রী ড° শৰ্মাই এমজিএনৰেগা, প্রধানমন্ত্রী আৱাস যােজনা, বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন সামাজিক সাহায্য আচনি, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানকে ধৰি আন কেইবাখনাে আঁচনিৰ পর্যালােচনা কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই পর্যালােচনা কালত এমজিএনৰেগা আঁচনিৰ জৰিয়তে সামাজিক সম্পদ সৃষ্টিৰ ওপৰত অধিক গুৰুত্ব আৰােপ কৰে। এই উদ্দেশ্যে মুখ্যমন্ত্রী ড° শৰ্মাই বিভাগক এমজিএনৰেগাৰ অধীনত ৰূপায়ণ কৰাৰ বাবে বার্ষিক কর্ম আঁচনি প্রস্তুত কৰিবলৈ নির্দেশ দিয়ে। লগতে চাহ বাগানৰ শ্ৰমিকসকলকো এই আঁচনিৰ অন্তর্ভূক্ত কৰাৰ পােষকতা কৰি মুখ্যমন্ত্ৰীয়ে বিভাগক উপযুক্ত নীতি-নির্দেশনা প্রস্তুত কৰিবলৈ নির্দেশ দিয়ে। এমজিএনৰেগা আঁচনিৰ ধনৰ ফলপ্রসু ব্যৱহাৰৰ জৰিয়তে মধ্যভােগী ৰাজৰ সমাপ্তি ঘটোৱাৰ দিশত প্ৰয়ােজনীয় পদক্ষেপ ল’বলৈও মুখ্যমন্ত্ৰীয়ে বিভাগক কয়। খণ্ড উন্নয়ন বিষয়া কার্যালয়ৰ গুণগত পৰিবর্তন সাধনৰ ওপৰত গুৰুত্ব আৰােপ কৰি মুখ্যমন্ত্রী ড° শর্মাই এই কার্যালয়ৰ অধীনত ৰূপায়িত আঁচনিসমূহ যাতে মানসম্পন্ন হয় তাৰ বাবে অসামৰিক সেৱাৰ বিষয়াক গুৰুত্বপূর্ণ দায়িত্বত ন্যস্ত কৰিবলৈ নির্দেশ দিয়ে। তদুপৰি, বহু বিষয়াই দীর্ঘদিন ধৰি একে স্থানতে কার্য নির্বাহ কৰি থকাৰ প্রসংগ উত্থাপন কৰি মুখ্যমন্ত্রী ড° শৰ্মাই খণ্ড উন্নয়ন বিষয়া, গাঁও পঞ্চায়তৰ সচিবকে ধৰি যিসকলে তিনি বছৰতকৈ অধিক কাল একে স্থানতে কার্য নির্বাহ কৰি আছে তেওঁলােকক শীঘ্ৰে আন জিলালৈ বদলি কৰিবলৈ নির্দেশ দিয়ে। ইয়াৰ উপৰি বিভাগৰ দ্বাৰা ৰূপায়িত আঁচনিসমূহৰ নিৰীক্ষণ অধিক তীব্রতৰ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। প্রধানমন্ত্রী আৱাস যােজনা আঁচনিৰ অধীনত নির্মীয়মান গৃহসমূহ শীঘ্ৰে সমাপ্ত কৰিবলৈ মুখ্যমন্ত্রী ড° শৰ্মাই বিভাগক নির্দেশ দিয়ে। কেন্দ্রীয় চৰকাৰৰ পৰা নতুনকৈ আৱণ্টন লাভ কৰিবলগীয়া গৃহসমূহৰ জৰীপৰ ক্ষেত্ৰত কোনাে ধৰণৰ যাতে আসােৱাহ নাথাকে সেয়া নিশ্চিত কৰিবলৈও মুখ্যমন্ত্ৰী শৰ্মাই নির্দেশ দিয়ে যাতে কেৱল যােগ্য পৰিয়ালেহে এই গৃহ লাভ কৰিব পাৰে। মুখ্যমন্ত্ৰীয়ে বিভাগৰ বিষয়াসকলক নির্মীয়মান গৃহসমূহৰ চৰজমীন নিৰীক্ষণৰ লগতে উপায়ুক্তসকলৰ সৈতে বার্তালাপৰ মাধ্যমেৰে নির্মাণকার্য খৰতকীয়া কৰিবলৈ নির্দেশ দিয়ে। আজিৰ বৈঠকত মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ প্রধান সচিব ডাঃ জে বি এক্কা, পঞ্চায়ত আয়ুক্ত হেমেন দাসৰ লগতে বিভাগীয় উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...