মাইক্র’কন্টেইনমেন্ট জ’নৰ নীতি নির্দেশনা কঠোৰভাৱে বলৱৎ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নির্দেশ

গুৱাহাটী, ২৫ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি এক ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাজ্যখনৰ প্ৰতিখন জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে ক’ভিড-১৯ৰ সাম্প্রতিক পৰিস্থিতি তথা টিকাকৰণৰ বৰ্তমানৰ স্থিতি পর্যালােচনা কৰে। ৰাজ্যখনৰ সাম্প্রতিক ক’ভিড পৰিস্থিতিৰ বিতং পর্যালােচনা কৰি মুখ্যমন্ত্রী ড° শৰ্মাই সংক্ৰমণৰ হাৰ বেছি থকা যিসমূহ অঞ্চলক মাইক্র’ কন্টেইনমেন্ট জন হিচাপে ঘােষণা কৰা হৈছে সেই অঞ্চলসমূহত এই সম্পর্কে জাৰি কৰা নিদের্শনাসমূহ কঠোৰভাৱে বলবৎ কৰাৰ বাবে জিলা উপায়ুক্তসকলক নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে ক’ভিড টিকাকৰণ কেন্দ্রসমূহত সামাজিক ব্যৱধানৰ চৰ্ত সুনিশ্চিত কৰাৰ পদক্ষেপ ল’বলৈও নির্দেশ দিয়াৰ লগতে ফ্রন্টলাইন কর্মীসকলক ১০০ শতাংশ টিকাকৰণৰ আওতাৰ ভিতৰত অনাৰ পদক্ষেপ ল’বলৈ নির্দেশ দিয়ে। মুখ্যমন্ত্রী ড° শৰ্মাই লগতে কয় যে, অংগনবাড়ী কর্মীসকলে যিহেতু সমাজৰ আটাইতকৈ সংক্রমণপ্রৱণ লােকসকলৰ সৈতে প্রত্যক্ষভাৱে যােগাযােগ কৰিব লাগে সেয়েহে তেওঁলােকক সম্পূর্ণভাৱে টিকাকৰণ কৰাটো অত্যন্ত জৰুৰী।

ক’ভিডৰ টিকা গ্ৰহণৰ পৰা বিৰত থকা অংগনৱাড়ী কর্মীসকললৈ মাহেকীয়া পাৰিতােষিকৰ ধন মােকলাই নিদিবলৈও মুখ্যমন্ত্ৰীয়ে আজিৰ বৈঠকতে নির্দেশ দিয়ে। বৈঠকত মুখ্যমন্ত্ৰীয়ে কয় যে, জিলাসমূহৰ উন্নয়নক এক বিশেষ গতি প্রদান কৰাৰ বাবে ৰাজ্য চৰকাৰে অভিভাৱক মন্ত্রী আৰু অভিভাৱক সচিব নিয়ােজিত কৰাৰ দৰে এক নতুন পদক্ষেপ গ্রহণ কৰিছে। তেওঁ লগতে কয় যে অভিভাৱক মন্ত্রী আৰু সুচিৰসকলে দায়িত্বভাৰ প্ৰদান কৰা জিলাসমূহ নিয়মীয়াকৈ পৰিদৰ্শন কৰিব। তেওঁলােকৰ কাম-কাজসমূহ সূচলতৰ কৰি তােলাত সহায়ক হােৱাকৈ কেম্প অফিচ স্থাপনৰ পদক্ষেপ ল’বলৈও জিলা উপায়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। বৰ্দ্ধিত টিকাকৰণ কাৰ্যসূচী সফল কৰাৰ দিশত জিলা প্রশাসন আৰু জিলাৰ স্বাস্থ্য বিষয়াসকলে লােরা সক্রিয় পদক্ষেপৰাে মুখ্যমন্ত্ৰীয়ে শলাগ লয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...