NK IMPACT | কেবিনেটৰ অনুমােদন নােহােৱাকৈ এতিয়াৰে পৰা ASTCত নিয়ােগ বন্ধ

গুৱাহাটী, ২৬ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগৰ অধীনৰ পৰিবহন আয়ুক্ত, অসম ৰাজ্যিক পৰিবহন নিগম আৰু আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ কাম-কাজৰ পর্যালােচনা কৰে। পৰিবহন আয়ুক্তৰ ভূমিকা আৰু দায়বদ্ধতাৰ বিস্তৃত পর্যালােচনা কৰি মুখ্যমন্ত্রী ড° শৰ্মাই অত্যাধিক কয়লা পৰিবাহী ট্রাক চলাচলৰ ওপৰত তীক্ষ্ণ নজৰ দিয়াৰ পদক্ষেপ ল’বলৈ নির্দেশ দিয়ে যাতে চৰকাৰে এই ক্ষেত্ৰত আহৰণ কৰা ৰাজহ কোনাে কাৰণতে হ্রাস নহয়।

মুখ্যমন্ত্ৰীয়ে লগতে পথ শুল্ক আদায় নিদিয়া সকলক চিনাক্তকৰণ কৰি ইয়াৰ জৰিমনা দ্রুতভাৱে আদায়ৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিয়ে। ৰাজ্যখনৰ ৫ হাজাৰ যুৱক-যুৱতীক গাড়ী চালনা তথা এই সংক্রান্তীয় প্রশিক্ষণ প্রদানৰ এক পৰিকল্পনা হাতত ল’বলৈও মুখ্যমন্ত্ৰীয়ে আজিৰ বৈঠকতে নির্দেশ দিয়ে। অসম ৰাজ্যিক পৰিবহন নিগমৰ কাম-কাজৰ পর্যালােচনা কৰি মুখ্যমন্ত্ৰী ড০ শর্মাই বিভাগৰ কাম কাজসমূহ অধিক সংহত কৰাৰ বাবে ৰাজহুৱা পৰিবহনৰ অপাৰেটৰসকলে চলাই থকা ব্যৱস্থাৰাজি ভালদৰে পর্যালােচনা কৰাৰ বাবে নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে নিগমৰ অধীনৰ বাছৰ চলাচল অধিক সূচলতৰ কৰাৰ বাবে অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনত আৰু অধিক ব্যক্তিগত বাছৰ চলাচলৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিয়াৰ লগতে খাৰুৱা তেল খণ্ডৰ ৰাজহুৱা প্রতিষ্ঠানসমূহত নিগমৰ বাছৰ সংখ্যা বৃদ্ধি কৰাৰ পদক্ষেপ ল’বলৈ নির্দেশ দিয়ে যাতে ইয়াৰ দ্বাৰা বৃহৎ ৰাজহ আহৰণ কৰিব পৰা যায়। অসম ৰাজ্যিক পৰিবহন নিগমৰ ব’ৰ্ডৰ সভা পৰিবহন, বিত্ত, ৰাজহুৱা প্রতিষ্ঠান বিভাগৰ প্রতিনিধি অংশগ্রহণ অবিহনে অনুষ্ঠিত নকৰাটো নিশ্চিত কৰাৰ পদক্ষেপ ল’বলৈও মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। ৰাজ্যিক কেবিনেটৰ অনুমােদন নােহােৱাকৈ এতিয়াৰে পৰা অসম ৰাজ্যিক পৰিবহন নিগমত পুনৰ নিয়ােজন আৰু নতুনকৈ নিয়ােগৰ ব্যৱস্থা বন্ধ কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে আজিৰ বৈঠকতে নির্দেশ দিয়ে। বৈঠকত মুখ্যমন্ত্ৰীয়ে আগন্তুক পাঁচ বছৰৰ ভিতৰত অসম ৰাজ্যিক পৰিবহন নিগমক লাভজনক প্রতিষ্ঠান হিচাপে গঢ়ি তােলাৰ এক ‘ভিছন প্লেন’ প্রস্তুত কৰাৰ বাবে নির্দেশ দিয়াৰ লগতে ইয়াৰ নিজস্ব সম্পদসমূহৰ পৰা কেনেদৰে অৰ্থ আহৰণ কৰিব পাৰি তাৰ এক সুনির্দিষ্ট পৰিকল্পনা কৰাৰ বাবেও নির্দেশ দিয়ে ।

আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ কাম – কাজৰ পর্যালােচনা কৰি মুখ্যমন্ত্ৰীয়ে মালবাহী আৰু ক্রুইজৰ চলাচলৰ ওপৰত বিশেষ গুৰুত্ব আৰােপেৰে আভ্যন্তৰীণ জলপৰিবহন সঞ্চালকালয়ৰ কাম-কাজসমূহ ভালদৰে মূল্যায়ন কৰাৰ বাবেও নির্দেশ দিয়ে। দেশীয় পর্যটকক আকর্ষিত কৰাৰ বাবে গুৱাহাটীৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ব্ৰহ্মপুত্ৰৰ মাজেৰে কুইজ সেৱা চলােৱাৰ পদক্ষেপ গ্রহণৰ দিশত আভ্যন্তৰীণ জলপৰিবহন বিভাগ আৰু পর্যটন বিভাগক যুটীয়াভাৱে পদক্ষেপ গ্রহণৰ সম্ভাৱনীয়তাৰ বিষয়ে পর্যালােচনা কৰিবলৈও মুখ্যমন্ত্ৰীয়ে বিষয়াবৰ্গক আজিৰ বৈঠকতে নির্দেশ দিয়ে। আজিৰ এই পর্যালােচনা বৈঠকত পৰিবহন বিভাগৰ মন্ত্রী চন্দ্রমােহন পাটোৱাৰী, অসম ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষ অশােক কুমাৰ ভট্টৰায়, মুখ্যমন্ত্রী প্রধান সচিব সমীৰ কুমাৰ সিনহা, পৰিবহন বিভাগৰ প্রধান সচিব কে কে দ্বিৱেদী, পৰিবহন আয়ুক্ত আদিল খান, আভ্যন্তৰীণ জলপৰিবহনৰ সঞ্চালক গৌতম দাস, অসম ৰাজ্যিক পৰিবহন নিগমৰ পৰিচালন সঞ্চালক ৰাহুল দাস প্রমুখ্যে জ্যেষ্ঠ বিষয়াসকলে অংশগ্রহণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...