দৰিদ্র সীমাৰেখাৰ ওপৰৰসকলে এতিয়া ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰূপায়িত হৈ থকা ব্যৱস্থাৱলী পর্যালােচনা কৰিলে মুখ্যমন্ত্ৰীয়ে। ৰেচন কাৰ্ডৰ সুবিধা গ্রহণ কৰি থকা দৰিদ্র সীমাৰেখাৰ ওপৰৰ সকলাে হিতাধিকাৰীৰে ৰেচন কার্ড ঘূৰাই লােৱাৰ ব্যৱস্থা কৰিবলৈ খাদ্য আৰু অসামৰিক যােগান তথা গ্রাহক পৰিক্ৰমা বিভাগক মুখ্যমন্ত্ৰীৰ নির্দেশ

গুৱাহাটী, ২৬ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি খাদ্য আৰু অসামৰিক যােগান তথা গ্রাহক পৰিক্ৰমা বিভাগ, সমবায় বিভাগ তথা সমবায় সমিতিসমূহৰ পঞ্জীয়কৰ সৈতে জনতা ভৱনস্থিত তেওঁৰ কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত মিলিত হৈ ৰাজ্যখনত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰূপায়িত হৈ থকা সমগ্ৰ ব্যৱস্থাৱলীৰ বুজ লয়। বৈঠকৰ আৰম্ভণিতে এই সম্বন্ধীয় বিভিন্ন দিশ সামৰি এক প্রেজেন্টেশ্যনাে আগবঢ়োৱা হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰেচন কাৰ্ডৰ সুবিধা গ্রহণ কৰি থকা দৰিদ্র সীমাৰেখাৰ ওপৰৰ সকলাে হিতাধিকাৰীৰে এই কার্ড ঘূৰাই লােৱাৰ ব্যৱস্থা কৰিবলৈ খাদ্য আৰু অসামৰিক যােগান তথা গ্রাহক পৰিক্রমা বিভাগক নির্দেশ দিয়ে। তেওঁ কয় যে, এই পদক্ষেপৰ দ্বাৰা দৰিদ্ৰ হিতাধিকাৰীসকল উপকৃত হ’ব। সকলাে সুলভ মূল্যৰ সামগ্ৰীৰ দোকানে যাতে প্রতি কুইণ্টল সামগ্ৰীৰ পৰিবহন ব্যয়ৰ বাবদ ১৪৩ টকাকৈ লাভ কৰে সেয়া সুনিশ্চিত কৰিবলৈ খাদ্য আৰু অসামৰিক যােগান তথা গ্রাহক পৰিক্ৰমা বিভাগক এই সম্পর্কীয় বিধি সংশােধনৰ পদক্ষেপ গ্রহণৰ বাবেও তেওঁ নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে বিভাগে এতিয়াৰে পৰা গাওঁ পঞ্চায়ত সমবায় সমিতিসমূহক প্রদানৰ বাবে বাজেটৰ পৰা নির্দিষ্ট পৰিমাণৰ ধন লাভ কৰিব। বৈঠকত খাদ্য সামগ্ৰীৰ পৰিবহন ব্যয় হ্রাসৰ ওপৰত গুৰুত্ব আৰােপ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ যথাযথ ৰূপায়ণৰ সুবিধার্থে এতিয়াৰে পৰা সমবায় সমিতিসমূহে সকলাে দিশত পর্যবেক্ষক তথা নিৰীক্ষকৰ ভূমিকা গ্রহণ কৰিব লাগিব। ৰেচন কাৰ্ডৰ গ্ৰাহকৰ সংখ্যা অনুসৰি সুলভ মূল্যৰ সামগ্ৰীৰ দোকানৰ সংখ্যা নিয়মীয়া কৰাৰ বাবেও আজিৰ বৈঠকতে মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। আজিৰ এই বৈঠকত কৃষি, সমবায় ইত্যাদি বিভাগৰ মন্ত্রী অতুল বৰা, মুখ্যমন্ত্রী প্রধান সচিব সমীৰ কুমাৰ সিনহা, খাদ্য আৰু অসামৰিক যােগান তথা গ্রাহক পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব বি আৰ চামাল, সমবায় বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব মণি সিং, সমবায় সমিতিসমূহৰ পঞ্জীয়ক মনােজ কুমাৰকে ধৰি কেইবাগৰাকীও বিষয়া উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...