টকিঅ’ত অনুষ্ঠিত এডভান্টেজ আছাম ২.০ শীৰ্ষক ৰোডশ্ব’ত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

অসমৰ আন্তঃগাঁথনি, যোগাযোগ, শৈক্ষিক পৰিৱেশ, অর্ধপৰিবাহী আৰু সেউজ শক্তিৰ সম্ভাৱনাৰ বিষয়ে বাখ্যা আগবঢ়ায় মুখ্যমন্ত্রীয়ে

জাপানৰ বাণিজ্য আৰু উদ্যোগ ৰাজ্যিক মন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

জাপানী প্রতিষ্ঠানসমূহৰ বাবে এখন সূচল ব্যৱসায়িক ক্ষেত্ৰ স্থাপনৰ বাবে অসমে চলাই থকা প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে

তিনিদিনীয়া দক্ষিণ কোৰিয়া ভ্রমণসূচী সামৰি সম্প্রতি জাপানত উপস্থিত হোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আগন্তুক ‘এডভান্টেজ আছাম ২.০’ শীর্ষক আন্তঃগাঁথনি আৰু বিনিয়োগ সম্মিলনৰ বাবে আজি টকিঅ’ত ১৬০ গৰাকীৰো অধিক জাপানৰ শীৰ্ষ ব্যবসায়ী, উদ্যোগী আৰু বিনিয়োগকাৰীক সাক্ষাৎ কৰি এই সম্মিলনলৈ আমন্ত্রণ জনোৱাৰ লগতে তেওঁলোকৰ সৈতে মত-বিনিময় কৰে। তেওঁ ভাৰত আৰু জাপানাৰ মাজত শক্তিশালী অর্থনৈতিক সম্পর্কক অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত অসমৰ অৰ্থনৈতিক বিকাশ আৰু ব্যৱসায়ীক সূচলতাৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়।

তিনিদিনীয়া ভ্রমণ সূচীৰে জাপানত উপস্থিত হোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি জাপানৰ উদ্যোগপতি, বাণিজ্যিক সংস্থা, বিনিয়োগকাৰীসকলক আকৰ্ষণ কৰিবলৈ টকিঅ’ত আয়োজিত এক ৰোডশ্ব’ত অংশগ্ৰহণ কৰি তেওঁ অসমৰ অৰ্থনীতিৰ বিষয়ে বিতংকৈ উপস্থাপনেৰে অসমত বিনিয়োগৰ পৰিৱেশ আৰু ব্যৱসায় অনুকূল নীতি সম্পর্কেও অৱগত কৰে। তেওঁ কয় যে ৰাজ্যখনত অব্যাহত থকা শান্তি আৰু বিকাশৰ ফলশ্রুতিত ২০১৪ চনৰ পৰা অসমৰ অৰ্থনীতি শক্তিশালীভাবে বৃদ্ধিহৈ ১২.৪ শতাংশ আকর্ষণীয় বার্ষিক বৃদ্ধিৰ হাৰেৰে ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন ২০১৩-১৪ চনত ২৯ বিলিয়ন মার্কিল ডলাৰৰ পৰা ২০২৩-২৪ চনত ৬৮.৭ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। উদ্যোগপতি আৰু সাম্ভাব্য বিনিয়োগকাৰীসকলৰ দৃষ্টি আকর্ষণ কৰি মুখ্যমন্ত্রী ড° শর্মাই ছিংগল উইণ্ড’ মেকানিজিম আৰু তিনি মিলিয়ন মার্কিন ডলাৰৰ উৎপাদন সংযোজিত ব্যৱস্থাই অসমত বিনিয়োগৰ সুযোগ-সুবিধাৰ ক্ষেত্ৰত এক পৰিৱেশ নিৰ্মাণ কৰি তুলিছে বুলি কয়।

বিনিয়োগ সন্মিলনত জাপানৰ উদ্যোগপতি, বিনিয়োগকাৰী আৰু উদ্যোগীসকলৰ অংশগ্রহণে জাপানৰ সৈতে অসমৰ শক্তিশালী সম্পর্ক গঢ়ি উঠিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে পাৰস্পৰিক লাভৰ বাবে দুয়োখন ভূ-খণ্ডই অংশীদাৰীত্বৰে কাম কৰি যোৱাৰ ওপৰত আগ্রহ প্রকাশ কৰে।

অসমৰ শক্তিশালী আন্তঃগাঁথনি, সূচল যোগাযোগ ব্যৱস্থা আৰু ৰাজ্যখনৰ সুস্থ শৈক্ষিক পৰিৱেশৰ কথা আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, এই ক্ষেত্রত অসম বিনিয়োগকাৰীসকলৰ বাবে এক উপযুক্ত স্থান হ’ব পাৰে। তেওঁ কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ হকে বিশেষ অগ্রাধিকাৰ প্ৰদান কৰি আহিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা এক্ট ইষ্ট পলিচিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই নীতিৰ লক্ষ্য হৈছে দক্ষিণ পূব আৰু দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক বৃদ্ধিৰ বাবে অসমক দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে চিহ্নিত কৰা।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে জাপানৰ বহিঃবাণিজ্য সংস্থাৰ কাৰ্যবাহী উপসভাপিত কাজুয়া নাকাজোৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। উল্লেখ্য যে জাপান আৰু বিশ্বৰ বিভিন্ন কোম্পানীসমূহৰ মাজত বাণিজ্যিক প্ৰসাৰৰ উদ্দেশ্যে এই সংস্থাটোৱে গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। মুখ্যমন্ত্রী ড° শৰ্মাই অসম আৰু জাপানৰ পাৰস্পৰিক বিকাশ তথা বাণিজ্য আৰু উদ্যোগৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে এই সংস্থাটোৰ সহযোগিতা কামনা কৰি বাণিজ্যিক সম্পর্ক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

আনহাতে মুখ্যমন্ত্রী ড° শর্মাই আজি টকিঅ’ত জাপান চৰকাৰৰ অর্থনীতি, বাণিজ্য আৰু উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী কোগা য়ুইচিৰো চানক সাক্ষাৎ কৰি জাপানী প্রতিষ্ঠানসমূহৰ বাবে এখন উৎসর্গিত ব্যৱসায়িক ক্ষেত্ৰ স্থাপনৰ বাবে অসমে চলাই থকা প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে। ৰাজ্যৰ যুৱক-যুৱতীসকলে জাপানত হ্রস্বম্যাদী নিয়োগৰ সুবিধা যাতে লাভ কৰিব পাৰে তাৰ বাবে মুখ্যমন্ত্ৰীয়ে জাপানৰ মন্ত্ৰীগৰাকীক কাৰিকৰী ইণ্টাৰ্ণ প্রশিক্ষণ আৰু নির্দিষ্ট দক্ষতা কাৰ্যসূচীৰ বাবে পৰীক্ষা কেন্দ্ৰ স্থাপনৰ বিষয়ে বিবেচনা কৰিবলৈ আহ্বান জনায়।

ড° শৰ্মাই হিটাচিৰ উপ-সভাপতি হিৰোহিদে হিৰাইৰ সৈতেও এক ফলপ্রসূ বৈঠকত মিলিত হয়। মুখ্যমন্ত্রী ড° শর্মাই আজি নৱীকৰণযোগ্য আৰু স্বচ্ছ শক্তি প্রকল্প স্থাপনৰ ক্ষেত্ৰত বিনিয়োগৰ বাবে হিটাচিৰ সৈতে অসমৰ সম্ভাব্য অংশীদাৰীত্ব সম্পর্কেও আলোচনা কৰে। স্বচ্ছ শক্তি আৰু ভৱিষ্যতৰ সেউজ পৃথিৱীখনৰ বাবে জাপানৰ সৈতে অংশীদাৰিত্বৰে কাম কৰি যোৱাৰ বাবে ৰাজ্য চৰকাৰ আগ্রহী বুলিও তেওঁ উল্লেখ কৰে।

ৰেনেছাছ গ্ল’বেলৰ উপ-সভাপতি চাৰ্লছ কাৱাছিমাকো সাক্ষাৎ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই অসমক বিশ্বব্যাপী অৰ্দ্ধপৰিবাহী খণ্ডৰ এক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰে ৰাজ্য চৰকাৰে অগ্ৰাধিকাৰভিত্তিত অৰ্দ্ধপৰিবাহী ইক ‘ছিষ্টেম খণ্ডটোত কাম কৰি অহাৰ কথা উল্লেখ কৰে। অসমৰ জাগীৰোডত স্থাপন হ’বলগীয়া অৰ্দ্ধপৰিবাহী ইউনিটটোৱে প্ৰতিদিনে ৪.৮ কোটি চিপ উৎপাদনৰ জৰিয়তে অসম চিপ যোগানৰ ক্ষেত্রত বিশ্বব্যাপি এক কেন্দ্ৰ হৈ পৰিব বুলিও মুখ্যমন্ত্রীয়ে কয়। তেওঁ লগতে ৰেনেছা গ্ল’বেল প্রতিষ্ঠানক অসমৰ অৰ্দ্ধপৰিবাহী খণ্ডটোত অংশীদাৰীত্ব নিশ্চিত কৰিবলৈ উপ-সভাপতিগৰাকীক আহ্বান জনায়। মুখ্যমন্ত্রীয়ে টকিঅ’ ইঞ্জিনিয়াৰিং ক’ৰ্পৰেশ্যনৰ মুখ্যকাৰ্যবাহী বিষয়াগৰাকীৰ সৈতেও বৈঠকত মিলিত হৈ ‘এডভান্টেজ আছাম ২.০’ শীর্ষক আন্তঃগাঁথনি আৰু বিনিয়োগ সম্মিলনলৈ আমন্ত্রণ জনায়।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি জাপানত উপস্থিত হৈ ‘এডভান্টেজ আছাম ২.০’ শীর্ষক আন্তঃগাঁথনি আৰু বিনিয়োগ সম্মিলনৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পূৰ্বে জাপানৰ ইডোগ’ৱাত থকা মহামানৱ মহাত্মা গান্ধীৰ প্রতিমূৰ্তিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। জাপানত উপস্থিত হোৱাৰ সময়ত ৰাষ্ট্ৰখনত থকা প্রবাসী অসমীয়াসকলে মুখ্যমন্ত্ৰীগৰাকীক উষ্ম আদৰণী জনায়।

Popular

More like this
Related

ছইফ আলী খানৰ পৰিয়ালে হেৰুৱাব পূৰ্বপুৰুষৰ সম্পত্তি!

নিজৰ বাসগৃহত অবৈধ বাংলাদেশীৰ হাতত প্ৰহৃত ঘটনাৰ বিষয়ে আপুনি...

কামাখ্যা মন্দিৰ চৌহদত চলিল EDৰ অভিযান, ৭.৬২ কোটি টকাৰ কেলেংকাৰিৰ তথ্য

কামাখ্যা মন্দিৰ চৌহদত চলিল দেশৰ এক তদন্তকাৰী সংস্থাৰ অভিযান।...

ৰাহুল গান্ধীক কংগ্ৰেছ নেতাৰ বিৰুদ্ধে অখিল গগৈৰ অভিযোগ!

মিত্ৰতাক লৈ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে ৰাহুল গান্ধীক পত্ৰ...

শ্বুটিং আছে, সাহিত্য সভাৰ পাঠশালা অধিৱেশনলৈ নাযায় জুবিন গাৰ্গ

পাঠশালা সাহিত্য সভাৰ অনুষ্ঠানত উপস্থিত নাথাকিব কণ্ঠশিল্পী জুবিন গাৰ্গ।...