ভৱিষ্যতৰ পৃথিৱীখন কল্পনা কৰি বিশ্ববিদ্যালয়ে পাঠ্যক্রম প্রস্তুত কৰিব লাগিব : মুখ্যমন্ত্রী

উপ-ৰাষ্ট্ৰপতিৰ উপস্থিতিত কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত মত-বিনিময় অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ

বিশ্ববিদ্যালয়সমূহ ৰাজ্যৰ উত্থানত বৰঙণি যোগাব পৰা জ্ঞান মন্দিৰলৈ ৰূপান্তৰিত হ’ব লাগিব : মুখ্যমন্ত্রী

দেশৰ উপৰাষ্ট্ৰপতি জগদীপ ধনখড়, ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াৰ উপস্থিতিত আজি কটন বিশ্ববিদ্যালয়ত শিক্ষাগুৰু আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে হোৱা মত-বিনিময় অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অংশ গ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে পূর্বে কটন কলেজ আৰু বৰ্তমানে কটন। বিশ্ববিদ্যালয় হিচাপে পৰিচিত শিক্ষানুষ্ঠানখন অসমৰ শিক্ষাজগতৰ বাটকটীয়া তথা ৰাজ্যৰ উচ্চ শিক্ষাৰ নৱ জাগৰণৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। কটন বিশ্ববিদ্যলয়ত মত-বিনিময় অনুষ্ঠানত উপস্থিত থকাৰ বাবে উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁৰ এই ভ্রমণে যুৱক-যুৱতী আৰু ৰাজ্যৰ শৈক্ষিক সৱলীকৰণৰ দিশত উপ-ৰাষ্ট্ৰপতিগৰাকীৰ থকা দায়বদ্ধতাকে সুচাইছে। মুখ্যমন্ত্রীয়ে কয় যে, এই শিক্ষানুষ্ঠানখনে এশ বছৰতকৈয়ো অধিক সময় ধৰি অঞ্চলটোৰ উচ্চ শিক্ষাৰ প্ৰসাৰৰ দিশত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াই আহিছে। শিক্ষা প্রতিষ্ঠানখনৰ বহু স্নাতকে অর্থনীতি, বিজ্ঞান আৰু প্ৰযুক্তি, সাহিত্য, সামাজিক কর্ম আৰু ৰাজহুৱা জীৱনত উল্লেখযোগ্য অৰিহণা যোগাইছে বুলিও তেওঁ কয়। এই শিক্ষা প্রতিষ্ঠানখনৰ সৈতে নিজেও জড়িত থকাৰ বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ নিজে অধ্যয়ন কৰি থকাৰ সময়ত তদানীন্তন ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাক এই শিক্ষা প্রতিষ্ঠানখনলৈ নিমন্ত্ৰণ কৰাৰ সৌভাগ্য হৈছিল।

কটন বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিবেশ আৰু বিভিন্ন সাংস্কৃতিক, বৌদ্ধিক, ক্রীড়াৰ বিকাশে এই শিক্ষানুষ্ঠানখনক এক নতুন দিগন্তলৈ লৈ যাব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ অমৃত কালৰ পোষকতা কৰিছে। মুখ্যমন্ত্রীয়ে কয় যে বিশ্ববিদ্যালয়সমূহক লাহে লাহে শৈক্ষিক উত্থানৰ এক জীৱন্ত সাক্ষী আৰু এই উত্থানক বৰঙণি যোগাব পৰা জ্ঞান মন্দিৰলৈ ৰূপান্তৰিত কৰিব লাগিব। অসমৰ বিশ্ববিদ্যালয়সমূহত নতুন দিনৰ যি পাঠ্যক্ৰম আছে সেই পাঠ্যক্ৰমৰ চৰ্চা হ’ব লাগিব। কেনেকৈ ভাৰতৰ আন উন্নত ৰাজ্যসমূহৰ বিশ্ববিদ্যালয়সমূহৰ লগত প্ৰতিযোগিতাৰ পৰিৱেশ সৃষ্টি কৰিব পৰা যায় তাৰ বিষয়ে চিন্তা-চৰ্চা হ’ব লাগে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে কয় যে বিশ্ববিদ্যালয়ৰ শৈক্ষিক পাঠ্যক্ৰমৰ লগত বৰ্তমানৰ পৃথিৱীৰ জ্ঞানৰ অফুৰন্ত ভাণ্ডাৰসমূহ কেনেকৈ শ্ৰেণীকোঠাৰ এক অংশ হিচাপে ল’ব পৰা যায় তাৰ বিষয়েও চিন্তা-চৰ্চা কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। কেবল যদি পৰম্পৰাগত শিক্ষাতে আৱদ্ধ হৈ থাকিবলগীয়া হয়, তেতিয়া নিৱনুৱা হৈ থাকিবলগীয়া হয় বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে কয় যে, ভাৰতবৰ্ষৰ অগ্ৰণী ৰাজ্যৰ আধুনিক বিশ্ববিদ্যালয়ত আধুনিক শিক্ষা আৰম্ভ হৈছে। সেই বিশ্ববিদ্যালয়সমূহত কোৱান্টাম কম্পিউটিং, বিগডাটা এনালাইচিছ, ৰবটিকছ আদি বিষয়সমূহৰ আলোচনা আৰম্ভ হৈছে। উদ্যোগ-৪.০ যি আলোচনা হৈছে, তাৰ লগত খাপখোৱাকৈ আমাৰ শৈক্ষিক পাঠ্যক্ৰমসমূহ প্রস্তুত কৰিব নোৱাৰিলে বিশ্ববিদ্যালয়সমূহত জ্ঞানৰ সীমাবদ্ধতা থাকিব বুলিও তেওঁ কয়। পৰম্পৰাগত শিক্ষাত আৱদ্ধ হৈ থাকিলে উদ্যোগখণ্ডত যি বিপ্লৱ আৰম্ভ হৈছে তাৰ পৰা আঁতৰি থাকিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে তথ্য প্রযুক্তি জগতখনত নিজকে চহকী মানৱ সম্পদ হিচাপে নিৰ্মাণ কৰিব নোৱাৰিলে জ্ঞানৰ সীমাবদ্ধতা থাকি যাব। মুখ্যমন্ত্ৰীয়ে কয় যে কণাটক আৰু তামিলনাডুৰ বিশ্ববিদ্যালয়ৰ শিক্ষা ব্যৱস্থাৰ লগত অসমে ২০ বছৰ পিছুৱাই আছে। মুখ্যমন্ত্রীয়ে কয় যে অহা ২৫ বছৰৰ কাৰণে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ক আধুনিক শিক্ষাৰে আগুৱাই নিয়াৰ বাবে এক বাতাৱৰণৰ সুচনা কৰিব লাগিব।

মুখ্যমন্ত্ৰীয়ে কয় যে বিশ্ববিদ্যালয়ক কেন্দ্ৰ কৰি সভ্যতাৰ বিকাশ হয়। তক্ষশীলা, নালন্দা বিশ্ববিদ্যালয় থকাৰ সময়ত ভাৰতবৰ্ষ সভ্যতাৰ উচ্চতম শিখৰত আছিল। আমাৰ ৰাজ্যখনৰ বিশ্ববিদ্যালয়সমূহে সভ্যতাৰ শিখৰলৈ যাবলৈ হ’লে আজিৰ পাঠ্যক্ৰমৰ পৰিৱৰ্তে ভৱিষ্যতৰ ২৫ বছৰৰ পৃথিৱীখনৰ কল্পনা কৰি পাঠ্যক্ৰমসমূহ প্ৰস্তুত কৰিব লাগিব বুলিও তেওঁ কয়। মুখ্যমন্ত্রীয়ে কয় যে বিশ্ববিদ্যালয়সমূহত পৰম্পৰাগত শিক্ষা পাঠ্যক্রম সলনি হ’ব লাগিব। চন্দ্ৰয়ানৰ বৃহৎ সফলতাৰ পিছতো অসমৰ কোনো বিশ্ববিদ্যালয়ত কৰ্মশালাৰ আয়োজন কৰা হোৱা নাই বুলিও মুখ্যমন্ত্রীয়ে কয়। মুখ্যমন্ত্রীয়ে কয় যে উচ্চ শিক্ষাৰ দিশত অধিক আগুৱাই যাব লাগিলে শৈক্ষিক ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুওৱা বিশ্ববিদ্যালয়সমূহৰ সৈতে শৈক্ষিক সহযোগিতাৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব। উন্নত শিক্ষা ব্যৱস্থা তথা আধুনিক পাঠ্যক্রম থকা বিশ্ববিদ্যালয়ৰ সৈতে মত-বিনিময় কৰা উচিত বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে শৈক্ষিক ব্যৱস্থাত স্থিতাৱস্থাৰ দিশটো অব্যাহত থাকিলে আগুৱাই যোৱাটো সম্ভৱ নহয়। শিক্ষানুষ্ঠানসমূহে নতুন ধাৰণা, প্ৰযুক্তিৰ বীজ অংকুৰিত কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে কয় যে প্রধানমন্ত্রীয়ে অমৃত কালত এনে এক মানসপট সৃষ্টি কৰিছে য’ত ২০৪৭ চনৰ ভাৰতবৰ্ষখন থাকিব লাগে। কটন বিশ্ববিদ্যালয়ে উদ্ভাৱনীমূলক চিন্তাৰে ৰাজ্যখনৰ নতুন প্ৰজন্মক আকৰ্ষিত কৰাৰ বাবে প্ৰয়াস চলার লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ লগতে কয় যে বিশ্ববিদ্যালয়সমূহ কেৱল ডিগ্ৰী প্ৰদানৰ মাজতে সীমাবদ্ধ থাকিব নালাগিব। মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে কটন বিশ্ববিদ্যালয়ে প্রত্যাহ্বান অতিক্ৰম কৰিব পৰাকৈ নিজকে প্ৰস্তুত কৰাৰ লগতে ভবিষ্যত প্ৰজন্মৰ প্ৰয়োজনীয়তা পুৰণ কৰাৰ দিশটো এক শক্তিশালী শৈক্ষিক বাতাবৰণ গঢ়াৰ দিশত মনোনিবেশ কৰিব লাগিব। কটন বিশ্ববিদ্যালয় উৎকৃষ্টতাৰ কেন্দ্ৰলৈ পৰিৱৰ্তন হোৱাৰ বাবে কাম কৰিব লাগিব বুলিও তেওঁ কয়। আজিৰ এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰমেশ চন্দ্ৰ ডেকা, আৰক্ষী সঞ্চালক প্রধান জি পি সিং প্ৰমুখ্যে শিক্ষাগুৰু আৰু ছাত্ৰ-ছাত্রীসকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে গুৱাহাটী মহানগৰী

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে উত্তৰ-পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰী।...

অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া

অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া। EDৰ কাৰ্যালয়ত...

পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ

ছাংহাই কো-অপাৰেছন অৰ্গেনাইজেছন বৈঠকৰ বাবে পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ। কূটনৈতিক...

গজৰাজে তাণ্ডৱ চলালে ৰাজপথত

অৰণ্য ধ্বংস কৰাৰ পৰিণামহে যেন ভুগিছে মানৱ জাতিয়ে! দিনক...